অসম

assam

ETV Bharat / state

অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত 7 লাখ লোক স্ক্ৰিনিঙৰ ব্যৱস্থা - কোকৰাঝাৰ জিলা প্ৰশাসন

সমগ্ৰ দেশত COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ যি সকল ব্যক্তি দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ পৰিছে, সেই সকল ব্যক্তিক অসম চৰকাৰে নিজ ৰাজ্যলৈ ওভতাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এই সকলো লোকক স্ক্ৰিনিঙ কৰাৰ বাবেও গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷

7lac people will be screening at Shree rampur
অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত সাত লাখ লোক স্ক্ৰিনিঙৰ বাবে সাজু

By

Published : May 4, 2020, 8:39 PM IST

কোকৰাঝাৰ,4 মে'ঃত 7 লাখ লোক স্ক্ৰিনিঙৰ বাবে সাজু হৈছে অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ব্যক্তি দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ পৰিছে, সেই সকল ব্যক্তিক অসম চৰকাৰে নিজ ৰাজ্যলৈ ওভতাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত সাত লাখ লোক স্ক্ৰিনিঙৰ বাবে সাজু
সেই সকল ব্যক্তিক যেতিয়া অসমলৈ ঘূৰাই অনা হ'ব তেতিয়া সেই লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি গ্ৰহণ কৰিছে । সেই বাবে সোমবাৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, বিটিএডি আইজিপি অনুৰাগ আগৰৱালাকে ধৰি আৰক্ষীৰ এটি বিশেষ দলে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, শ্ৰীৰামপুৰত বহিঃৰাজ্যত থকা অসমৰ ৯খন জিলাৰ ৭ লাখ লোকৰ স্ক্ৰিনিং আৰু স্বাস্থ্য পৰীক্ষা কৰা হ'ব । গোঁসাই গাঁৱত তিনি হাজাৰ লোকক কোৱাৰেণ্টাইন কৰাৰ প্ৰস্তুতিও ইতিমধ্যে সম্পন্ন কৰা হৈছে । আনহাতে আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে জনোৱা মতে, অসম তথা বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক তথা আন আন লোকক অসম বংগ সীমান্তত আটক কৰি কোৱাৰাণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে।

ABOUT THE AUTHOR

...view details