কোকৰাঝাৰ, ২০ এপ্ৰিল: কোকৰাঝাৰ উল্টাপানীত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ এটি শনিবাৰে আনুষ্ঠানিকভাৱে মকুলি কৰা হয় ৷ মন্দিৰটো মুকলি কৰে এম.আৰ. এম. হস্পিতালৰ সঞ্চালক চেওলি মাহিলাৰীয়ে ।
কোকৰাঝাৰত ৬০০ বছৰ পুৰণি শিৱ মন্দিৰ মকুলি - Siv temple
নতুনকৈ নিৰ্মাণ কৰি মুকলি কৰা হয় ৬০০ বছৰ পুৰণি শিৱ মন্দিৰটো ৷ আজিৰ উদ্বোধনী কাৰ্যসূচীত পৰিলক্ষিত হ'ল ভক্তৰ ভিৰ ৷ বনদেৱ ওলোটা বাবা শিৱ যোগাশ্ৰম মন্দিৰ তোক ১৩৬০ চনত স্বামী নবীন ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল ।
বাথৌ ধৰ্ম সভাৰ অধীনত পৰিচালিত হৈ থকা এই বনদেৱ ওলোটা বাবা শিৱ যোগাশ্ৰম মন্দিৰ তোক ১৩৬০ চনত স্বামী নবীন ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল । কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ ভাৰত-ভূটান সীমান্তৰ নিলগত থকা মন্দিৰত বড়ো, নেপালী, আদিবাসী, ৰাজবংশী ইত্যাদি সম্প্ৰদায়ৰ লোকে প্ৰাচীন যুগৰ পৰা পূজা অৰ্চনা কৰি আহিছিল ৷ উক্ত মন্দিৰটো এম. আৰ. এম. হস্পিতালৰ এম.দি চেওলি মহিলাৰীৰ অৱদানেৰে নতুনকৈ নিৰ্মাণ কৰা হয় আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ আজিৰ উদ্বোধনী কাৰ্যসূচীত ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায় ৷