নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ:বিশ্ব গঁড় দিৱসৰ (World Rhino Day) দিনটোতে আত্মসমৰ্পণ ৫৭ গৰাকী চোৰাং চিকাৰীৰ । ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰীসকলে বুধবাৰে বড়োলেণ্ড চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে । ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এখন গাঁৱত অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে চোৰাং চিকাৰী কেইটাই ।
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ আত্মসমৰ্পণ কৰা প্ৰতিজন চোৰাং চিকাৰীকে ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে বিটিআৰ চৰকাৰে (BTR Govt) । বিত্তীয় সমৰ্থনৰ বাবে চৰকাৰে চোৰাং চিকাৰীসকলক এই সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (Pramod Bodo) । প্ৰমোদ বড়োৰ মতে, ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাছৰে পৰা চোৰাং চিকাৰীসকলে চিকাৰ কৰিবলৈ এৰিছে ৷
যাৰ বাবে তেওঁলোকে এনেদৰে আত্মসমৰ্পণ কৰিছে । তেওঁলোকৰ পদক্ষেপক সন্মান জনোৱাৰ উদ্দেশ্যে আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে চৰকাৰে বিশেষ পৰিকল্পনা কৰিছে । বড়োৰ মতে নতুন ব্যৱসায় স্থাপনৰ বাবে তেওঁলোকক ১.২০ লাখ টকা প্ৰদানৰো এক পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰে ।
৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পণ চোৰাং চিকাৰীসকলক নিযুক্তি প্ৰদানৰ বাবে অঞ্চলটোত দুটা হস্ততাঁত কাৰখানা স্থাপন কৰা কথাও ঘোষণা কৰে প্ৰমোদ বড়োৱে ৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ ৰাইমনাক এই বছৰ বিশ্ব পৰিৱেশ দিৱসত (World Environment Day) অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ।
লগতে পঢ়ক :G4 আৰু G20 বৈঠকত ভাগ ল'ব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে