কোকৰাঝাৰ, 12 জুন :কোকৰাঝাৰৰছালাকাটিত শুকুৰবাৰে নিশা ব্যৱসায়ীক আক্ৰমণ আৰু ধন লুট কৰা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে 5 জন লোকক আটক কৰিছে ৷ ইয়াৰে 3টা কে এল অ' সদস্য বুলি জানিব পৰা হৈছে ৷ কোকৰাঝাৰ জিলা আৰক্ষীয়ে আটক কৰে লোককেইজনক(3 KLO members and 2 other people arrested) ৷ আটকাধীন প্ৰাক্তন সদস্যকেইজন ক্ৰমে চান্দিয়াগাঁৱৰ গৌতম ৰায় (28), নয়াচাৰাৰ ৰমানাথ বৰ্মন ওৰফে ভীম(38), লালটাৰীৰ হিৰক বৰ্মন ওৰফে সাগৰ (32), বালাগাঁৱৰ খীৰেন ৰায় (27) আৰু সুনীৰাম ৰায় (25) বুলি জানিব পৰা হৈছে ৷
উল্লেখ্য যে শুকুৰবাৰে নিশা 8.30 মান বজাত 6 জনীয়া এটা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে ছালাকাটিস্থিত ব্যৱসায়ী বিকাশ জৈনৰ দোকানত প্ৰৱেশ কৰি ধন দাবী কৰে(Miscreants demand money) ৷ ব্যৱসায়ীজনে দাবী কৰা ধন দিব নোৱাৰিম বুলি কোৱাত দুষ্কৃতিকাৰীৰ দলটোৱে ব্যৱসায়ীজনক পিষ্টলেৰে আঘাত কৰাৰ লগতে দোকানখনৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে(Miscreants attack businessman with Pistol) ৷ ইয়াৰোপৰি দুষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কেছ বক্সৰ পৰা প্ৰায় 15,000 হাজাৰ টকা লুট কৰি নিয়ে ৷ দলটোৱে দোকানৰ চিচিটিভি কেমেৰা আৰু এটা টিভিও ভাঙি থৈ যায় ৷