কোকৰাঝাৰ,২৪জুনঃ ৰাজ্যজুৰি ক‘ৰণাতংকৰ মাজতেই কোকৰাঝাৰত এগৰাকী আৰক্ষী জোৱানৰ দেহত কৰ'ণাত আক্ৰান্ত হোৱাত জিলা আৰক্ষী প্ৰশাসন আতংকিত হৈ পৰিছে । কোকৰাঝাৰ সপ্তম অসম বেটেলিয়নৰ জোৱান লোহিত ৰায় সম্প্ৰতি কৰ'ণাত আক্ৰান্ত হোৱাত চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ কন্টেইনমেন্ট জ‘ন হব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে ।
কোকৰাঝাৰত পুনৰ ৪৭ জন কৰ'ণাত আক্ৰান্ত লোকৰ ভিতৰত লোহিত ৰায়ৰ ট্ৰেভেল হিষ্টৰীয়ে সম্প্ৰতি প্ৰশাসনক বিপাঙত পেলাইছে । এগৰাকী উপ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা লোহিত ৰায় যোৱা ৪ জুনৰ পৰা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত কৰ্মৰত আছিল । লোহিত ৰায়ৰ স্বাৱ সংগ্ৰহ কৰাৰ পিছত যোৱা ২০ জুন তাৰিখে নমুনা বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ কলেজ ও চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত মঙলবাৰে নিশা লোহিত ৰায়ৰ নমুনা পজিটিভ বুলি ৰিপৰ্ট আহে । শ্ৰীৰামপুৰতে নিজ কৰ্তব্য সমাপন কৰি থকা লোহিত ৰায়ে মঙলবাৰে সপ্তম অসম আৰক্ষী বেটেলিয়ন কেম্পলৈ আহিছিল । অৱশ্যে ইতিমধ্যে লোহিত ৰায়ক শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ অসমাৰিক চিকিৎসালয় লৈ এম্বুলেন্সযোগে স্থানান্তৰ কৰা হৈছে ।
কোকৰাঝাৰত ৪৭ জনৰ দেহত কোভিদ-১৯ পজিটিভ - বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ কলেজ ও চিকিৎসালয়
ৰাজ্যত এতিয়া ক‘ৰণা যোদ্ধা আক্ৰান্ত হৈছে কৰ'ণাত ৷ শ্ৰীৰামপুৰ গেটত কৰ্মৰত আৰক্ষী জোৱান আক্ৰান্ত কোভিড-19 ৷
![কোকৰাঝাৰত ৪৭ জনৰ দেহত কোভিদ-১৯ পজিটিভ 47 more corona positive case at kokorajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7755879-840-7755879-1593011309768.jpg)
কোকৰাঝাৰত ৪৭ জনৰ দেহত কোভিদ-১৯ পজিটিভ
কোকৰাঝাৰত ৪৭ জনৰ দেহত কোভিদ-১৯ পজিটিভ
লগতে পঢকঃ টীয়কত আশা কৰ্মী আৰু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা