কোকৰাঝাৰ,১২ অক্টোবৰ :হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি প্ৰতিবছৰে লাখ লাখ ভক্তই ভিৰ কৰে মথুৰা, বৃন্দাবন আদি ধৰ্মীয় স্থানত । পৱিত্ৰ ধৰ্মীয় স্থান ৰূপে জনাজাত এই স্থানসমূহলৈ অসমৰ পৰাও প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্ত যায় । বহু লোকৰ ইচ্ছা থাকিলেও কিন্তু সেই স্থানলৈ আৰ্থিক অভাৱৰ বাবে যাব নোৱাৰে ।
যাৰ বাবে অসম চৰকাৰে প্ৰতিবছৰে বিশেষ আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ ভক্তক বিনামূলীয়াকৈ সেই স্থানসমূহ ভ্ৰমণ কৰোৱাই (Trip to religious place)। প্ৰতিবছৰে অসম চৰকাৰৰ উদ্যোগত লোৱা এই পদক্ষেপৰ বাবেই বহু দৰিদ্ৰ আৰু ভক্তপ্ৰাণ লোকে ধৰ্মীয় স্থানসমূহ দৰ্শনৰ সুবিধা লাভ কৰে ।
এইবাৰ অৱশ্যে অসম চৰকাৰ নহয় বিটিআৰ চৰকাৰৰ অন্যতম কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই লৈছে এক আদৰণীয় পদক্ষেপ (BTR EM Arup Kr Dey initiative)। কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ প্ৰায় ৪২২ গৰাকী তীৰ্থযাত্ৰীক তেওঁৰ উদ্যোগত বৃন্দাবনলৈ প্ৰেৰণ কৰা হৈছে (Vrindavan Yatra from Kokrajhar)। যাৰ বাবে কোকৰাঝাৰ ৰেল' ষ্টেচনত শ শ ভক্তৰ উপস্থিতিত এক প্ৰকাৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ।
বৃন্দাবন অভিমুখে যাত্ৰা অসমৰ ৪২২ গৰাকী তীৰ্থযাত্ৰীৰ কোকৰাঝাৰ ৰেল' ষ্টেচনত কেতিয়াও নেদেখা এক পৰিৱেশ দেখিবলৈ পোৱা যায় । ভক্তিমূলক বন্দনাৰে মুখৰিত হৈ পৰে কোকৰাঝাৰ ষ্টেচন । সকলোৰে মুখত কেৱল কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ জয়গান ।
উল্লেখ্য যে, বুধবাৰে বিয়লি কামাখ্যা-গান্ধীধাম এস্কপ্ৰেছযোগে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ উদ্যোগত ৪২২ গৰাকীকৈ তীৰ্থযাত্ৰীয়ে বুধবাৰে বৃন্দাবন অভিমুখে ৰাওনা হয় (Vrindavan yatra of 422 pilgrims from Assam) ৷ সপ্তাহজোৰা তীৰ্থভ্ৰমণৰ উদ্দেশ্যে যোৱা তীৰ্থযাত্ৰী সকলৰ ভ্ৰমণ তথা খোৱা-বোৱাৰ সকলো দায়িত্ব লৈছে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ৷ তীৰ্থ যাত্ৰীসকলৰ ভিতৰত অধিকাংশই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৷
যাত্ৰাৰ সকলো খৰচ বহন কৰাৰ লগতে কাৰ্যবাহী সদস্য গৰাকীয়ে ৪২২ গৰাকী তীৰ্থযাত্ৰীৰ প্ৰত্যেককে হাত খৰচও প্ৰদান কৰিছে ৷ কাৰ্যবাহী সদস্যৰ এই মহান পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে অৰূপ কুমাৰ দে আমাৰ ভগবান বুলিও মন্তব্য কৰিছে বৃন্দাবনলৈ যাত্ৰা কৰা একাংশ ভক্ত তথা তীৰ্থযাত্ৰীয়ে ৷
লগতে পঢ়ক :Old Couple Marriage: আমগুৰিত ১০ যোৰা দৰা কইনাক লৈ বুঢ়া বিয়া, বিয়া চাবলৈ লাগিল হেতা-ওপৰা