কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন (Annual Conference of Bodo Sahitya Sabha)। এই অধিৱেশনৰ লগত সংগতি ৰাখি শনিবাৰে ৪০ খনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ উন্মোচনী সভাত অধিৱেশনৰ সৈতে সংগতি ৰাখি অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 'সৌৰমাংগা সেৰফাং' নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰা হয় (Bodo Sahitya Sabha Souvenir released)৷ স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ।
আনহাতে দেওবাৰে পোন প্ৰথমবাৰৰ বাবে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ওপৰত সংস্কৃত ভাষাত লিখা গ্ৰন্থ উন্মোচন কৰা হ'ব বুলিও সদৰী কৰিছে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে । গ্ৰন্থ উন্মোচনী সভাত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মা উপস্থিত থাকি কয় যে অসমীয়া, বড়ো, বাংলা, গুজৰাটী আদিকে ধৰি আধুনিক আঞ্চলিক ভাৰতীয় ভাষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । ইংৰাজী ভাষাই এই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু বস্তুবাদী জগতত নব্য অভিজাততন্ত্ৰৰ ফলস্বৰূপে ইংৰাজী ভাষাৰ প্ৰতি আকৰ্ষণ হৈছে ।
নব্য অভিজাততন্ত্ৰই মাতৃভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । মাতৃভাষাৰ গুৰুত্ব আমি সঠিক ৰূপত বুজাব পৰা নাই বুলিও মন্তব্য কৰি দিগন্ত বিশ্ব শৰ্মাই মাতৃভাষাৰ হকে ভাৰতবৰ্ষৰ ভাষিক গোষ্ঠীয়ে যৌথ প্ৰয়াস কৰা উচিত বুলি কয় । আনহাতে দিগন্ত বিশ্ব শৰ্মাই কিতাপ প্ৰকাশ কৰাৰ পৰা আৰম্ভ কৰি সভা অনুষ্ঠিত কৰালৈকে সকলোতে বড়ো জাতিৰ আকাশৰ দৰে বিশালতা, মাটিৰ গোন্ধ আৰু হৃদয়ৰ পৰশ দেখা পাইছে বুলিও মন্তব্য কৰি বড়ো জাতি সমৃদ্ধিতম জাতিলৈ ৰূপান্তৰিত হ'ব বুলি আশা প্ৰকাশ কৰে ।
উল্লেখ্য যে গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক বেদব্ৰত মিশ্ৰ উপস্থিত থকাৰ লগতে ইংলেণ্ডৰ প্ৰবাসী ভাৰতীয় ড৹ প্ৰবীৰ বড়ো, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈ, এবছুৰ সভাপতি দ্বীপেন বড়ো, বিপিএফ নেতা খাম্পা বৰগয়াৰীসহ দেশ-বিদেশৰ কেইবাগৰাকীও কবি, সাহিত্যিক, লেখক আদিয়ে অংশগ্ৰহণ কৰে ৷