অসম

assam

ETV Bharat / state

কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কভিড-১৯ত আক্ৰান্তৰ সংখ্যা - COVID-19+

কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কোভিড- ১৯ পজিটিভ ৰোগীৰ সংখ্যা । পিছত কোৱাৰেইণ্টাইন চেণ্টাৰৰ পৰা এম্বুলেন্স যোগে নজৰুল ইছলাম আৰু চাইদুল আলিক বৰপেটা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয় বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে ।

ETV BHARAT
কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কভিড-১৯ত আক্ৰান্তৰ সংখ্যা

By

Published : May 21, 2020, 10:23 PM IST

কোকৰাঝাৰ,21 মেঃ কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কোভিড -১৯ ত আক্ৰান্তৰ সংখ্যাই । জিলা উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰিলে এই খবৰ ৷

কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কভিড-১৯ত আক্ৰান্তৰ সংখ্যা

কোকৰাঝাৰত চাৰিলৈ বৃদ্ধি পালে কভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা ।কভিড ১৯ পজিটিভত আক্ৰান্ত সকল হ'ল ক্ৰমে চাদ্দাম হুছেইন (২১), তিলক লামা( ২০) ,নজৰুল ইছলাম( ১৮) আৰু চাইদুল আলি( ২৪)। উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা লোকসকলক প্ৰথমে শ্ৰীৰামপুৰত স্বাস্থ্য পৰীক্ষাৰ অন্তত ইয়াৰে একাংশ লোকক কোকৰাঝাৰৰ বিভিন্ন ঠাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰসমুহলৈ প্ৰেৰণ কৰা হয় । বহিঃৰাজ্য মহাৰাষ্ট্ৰৰ পৰা অহা লোক জনৰ ধুবুৰীৰ চাদ্দাম হুছেইন (২১), বাঙ্গালোৰৰ পৰা অহা লোকজন বাক্সাৰ তিলক লামা( ২০) , অন্ধ্ৰপ্ৰদেশৰ পৰা অহা বৰপেটাৰ নজৰুল ইছলাম( ১৮) আৰু উত্তৰপ্ৰদেশৰ পৰা অহা নলবাৰীৰ চাইদুল আলি( ২৪)ক কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হয় । কিন্তু আম্ফানৰ ফলত কোৱাৰেণ্টাইন চেণ্টাৰ সমুহৰ ক্ষতিসাধন হ'ব পাৰে বুলি সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বহুতকে হোম কোৱাৰেণ্টাইন অনুমতি দিয়া হয় ৷ আনহাতে, ধুবুৰীৰ চাদ্দাম হুছেইন আৰু বাক্সাৰ তিলক লামা বুধবাৰে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গৈ নিজ নিজ ঘৰত হোম কোৱাৰেণ্টাইন হৈ আছিল । আনহাতে, কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল ক্ৰমে ধুবুৰীৰ চাদ্দাম হুছেইন (২১), বাঙ্গালোৰৰ পৰা অহা বাক্সাৰ তিলক লামা( ২০) , উত্তৰপ্ৰদেশৰ পৰা অহা নলবাৰীৰ চাইদুল আলি( ২৪) আৰু বি বি ইঞ্জিনিয়াৰিং কলেজত আছিল অন্ধ্ৰপ্ৰদেশৰ পৰা অহা বৰপেটাৰ নজৰুল ইছলাম( ১৮) । কভিড- ১৯ পজিটিভ হোৱাৰ পিছত কোৱাৰেইণ্টাইন চেণ্টাৰৰ পৰা এম্বুলেন্স যোগে নজৰুল ইছলাম আৰু চাইদুল আলিক বৰপেটা মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয় বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে ।

ABOUT THE AUTHOR

...view details