অসম

assam

By

Published : Jan 27, 2023, 1:17 PM IST

ETV Bharat / state

BTR Accord Day: কোকৰাঝাৰত তৃতীয় বিটিআৰ চুক্তি দিৱস উদযাপন

কোকৰাঝাৰত তৃতীয় বিটিআৰ চুক্তি দিৱস উদযাপন (BTR accord day observed in Kokrajhar) । এশফুট উচ্চতাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ । বিশাল বাইক ৰেলী ৷ বিটিআৰ চুক্তিৰ উদ্দেশ্য সফল হৈছে বুলি মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷ বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰা হৈছে । বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবলৈ বদ্ধপৰিকৰ প্ৰমোদ বড়ো ৷

Kokrajhar
Kokrajhar

কোকৰাঝাৰত বিটিআৰ চুক্তি দিৱসত প্ৰমোদ বড়ো

কোকৰাঝাৰ, ২৭ জানুৱাৰী : ২০২০ চনৰ আজিৰ দিনটোতেই অৰ্থাৎ ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল বিটিআৰ শান্তি চুক্তি । এই উপলক্ষে বিটিআৰৰ চাৰিওখন জিলাতে শুকুৰবাৰে বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয় বিটিআৰ শান্তি চুক্তি দিৱস (BTR accord day observed in Kokrajhar) । এই চুক্তি দিৱসৰ সৈতে সংগতি ৰাখি বিটিআৰ সচিবালয়ৰ প্ৰাংগণত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নৱনিৰ্মিত এশ ফুট উচ্চতাৰ পতাকা বেদীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (BTR CEM Pramod Boro) ।

ইয়াৰ উপৰি বিটিআৰ সচিবালয়ৰ চৌহদত গছপুলি ৰোপণ আৰু সচিবালয় চৌহদৰ পৰা বিশাল মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰাম্ভ কৰে প্ৰমোদ বড়োৱে (Bike rally in Kokrajhar for BTR accord day) । মটৰচাইকেল ৰেলীটোৱে কোকৰাঝাৰ সদৰ চহৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিভ্ৰমণ কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয় । উক্ত স্থানতে এখন সভা অনুষ্ঠিত হ'ব ।

এই সভাত আনুষ্ঠানিকভাৱে শ্বহীদৰ পৰিয়াললৈ এককালীনভাৱে ৫ লাখ টকাৰ চেক আগবঢ়োৱা হ'ব (3rd BTR accord day observed in Kokrajhar) । আনহাতে, বিটিআৰ চুক্তি দিৱসৰ এই শুভ মুহূৰ্তত সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে বিটিআৰৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু মাগদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে শ্বহীদ পৰিয়াললৈ শ্ৰদ্ধা আৰু এবছু, এনডিএফবি আৰু ইউবিপিঅ'লৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োৱে কয় যে পূৰ্বতে কিছুমান ঐতিহাসিক ভুল হৈছিল আৰু সকলোৱে ন্যায় পোৱা নাছিল ।

এতিয়া সকলোৱে মিলি শংকা, ভয়, ভেদাভেদ পাহৰি সমমৰ্যাদা-সমঅধিকাৰেৰে শান্তি প্ৰতিষ্ঠা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । তেওঁ কয়, বিটিআৰ শান্তি চুক্তিৰ পিছতে দীৰ্ঘদিনীয়া অশান্তজৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰি আহিল আৰু অঞ্চলটোৰ উন্নয়নে এক নতুন গতি লাভ কৰিলে । শান্তি, ভাতৃত্ববোধ, ঐক্যতাৰ বান্ধোন সুদৃঢ় হ'ল । বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি ৰাষ্ট্ৰ আৰু ৰাজ্যই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সকলোৰে হিতৰ বাবে কৰে আৰু তাতে দুই-এজনে বিৰোধিতা কৰি কোনো ভাল কাম কৰা নাই বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । মুখ্যমন্ত্ৰীৰ উন্নত অসম গঢ়াৰ যাত্ৰাত আমি সকলোৱে অংশীদাৰ হৈ আছোঁ বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । আনহাতে, বিটিআৰ চুক্তিৰ উদ্দেশ্য সফল হোৱা বুলিও মন্তব্য আগবঢ়ায় বিটিআৰ চীফ প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক :Saraswati Puja 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সা, নলবাৰীতো অনুষ্ঠিত হ’ল সৰস্বতী পূজা

ABOUT THE AUTHOR

...view details