অসম

assam

ETV Bharat / state

বিটিআৰ নামেৰে নতুন বড়ো চুক্তি: আনন্দ-উলাসৰ মাজত বড়ো জনগোষ্ঠী - 3rd Bodo Peace Treat- BTR

দিল্লীত বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতেই আনন্দত আত্মহাৰা হৈ পৰিল বড়ো বসতি প্ৰধান অঞ্চল । কোকৰাঝাৰ, চিৰাং আৰু বাক্সা এই তিনিওখন বড়ো অধ্যুষিত জিলাতে আনন্দৰ উলাসৰে নৃত্য-গীত কৰি বড়ো শান্তি চুক্তিক আদৰণি ৷

3rd Bodo Peace Agreement celebration
বিটিআৰ নামেৰে নতুন বড়ো চুক্তি: আনন্দ-উলাসৰ মাজত বড়ো জনগোষ্ঠী

By

Published : Jan 27, 2020, 11:09 PM IST

কোকৰাঝাৰ,26 জানুৱাৰী: অৱশেষত কেন্দ্ৰীয় চৰকাৰ এনডিএফবি সৈতে দিল্লীত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হ'ল । বিটিএডিৰ সলনি বিটিআৰ নামাকৰনেৰে গঠন কৰা হ'ল । এনডিএফবি চাৰিটা গোটৰ নেতা ক্ৰমে ৰঞ্জন দৈমাৰী, গোবিন্দ বাসুমতাৰী, ধীৰেন বড়ো, বি চাউৰাইগৌৰা লগতে এবছুৰ সভাপতি প্ৰমোদ বড়োসহ পিজেএচিবিএম আৰু ইউবিপিপিঅৰ নেতাই স্বাক্ষৰ কৰিলে এই চুক্তিত । সাক্ষ্যৰ পিছতে বড়ো ভূমিত আনন্দৰ বন্যা দেখা গ'ল আজি দিনটো । বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালকৈ কোকৰাঝাৰষ্টিত এবছু কেন্দ্ৰীয় কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয় । খাম, চিফুংৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে ।

বড়ো চুক্তিক লৈ কোকৰাঝাৰত আনন্দৰ বন্যা

একেদৰে, বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে চিৰাং জিলা এবছুৰ কাৰ্য্যালয়, বিজনী আঞ্চলিক এবছুৰ কাৰ্য্যালয় আদিত আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে । গ্ৰামাঞ্চলৰ পৰা বড়ো পুৰুষ-মহিলা, ডেকা-গাভৰু ওলাই আহি এইদৰেই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে । চিৰাং জিলাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰক্ষিত হোৱাৰ মাজতেই এই দৰে আনন্দ উপভোগ কৰিলে ফটকা ফুটাই ।

চিৰাঙত নৃত্য-গীতৰে বড়ো চুক্তিক আদৰণি

ইপিনে,বাক্সাত আনন্দত মতলীয়া বড়ো জনগোষ্ঠীৰ লোক ৷ বাক্সাৰ বৰমাত বড়ো শান্তি চুক্তিক লৈ এতিয়া চৌপাশে চলিছে আনন্দ উৎসৱ ৷ নৃত্য গীত, হিলৈ ফুটাই, মিঠাই খুৱাই আনন্দত মতলীয়া হোৱা দেখা গৈছে বড়ো জনগোষ্ঠীৰ লোকসকলক ৷

বাক্সা বড়ো চুক্তিক লৈ আনন্দ উল্লাসৰ ঢৌ


উল্লেখযোগ্য যে 1993 চনত বিএচি নামেৰে প্ৰথমটো বড়ো চুক্তি, 2003 চনত বিএলটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দ্বিতীয় বড়ো চুক্তি 'বিটিচি' হৈছিল ।

লগতে পঢ়ক:তৃতীয় বড়ো শান্তি চুক্তি: কি পালে বড়োসকলে !

ABOUT THE AUTHOR

...view details