কোকৰাঝাৰ,11 জুন : কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে 31 নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায় ম্যানমাৰলৈ চালান দিব বিচৰা তিনিখন সাৰভৰ্তি ট্ৰাক(নং AS-01 KC/ 5547 , AS-19 AC/ 1171 , AS-01 KC/ 5557) জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু পৰিচালকক আটক কৰে ।
সাৰৰ আন্তঃৰাষ্ট্ৰীয় অবৈধ বেহাঃ কোকৰাঝাৰত আটক 6 - KOKRAJHAR
চালকসকলে সাৰৰ চোৰাং ব্যৱসায়ৰ কথা স্বীকাৰ কৰি মিজোৰাম হৈ ম্যানমাৰলৈ সাৰ যায় বুলি স্বীকাৰ ক
![সাৰৰ আন্তঃৰাষ্ট্ৰীয় অবৈধ বেহাঃ কোকৰাঝাৰত আটক 6](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3534434-59-3534434-1560271704286.jpg)
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে শিলিগুৰিৰ পৰা শিলচৰ অভিমুখী তিনিখন ট্ৰাকে বৈধ নথিপত্ৰ অবিহনে সাৰ কঢ়িয়াই অনাৰ গোপন তথ্য লাভ কৰি ছেৰফাংগুৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাককেইখন জব্দ কৰাৰ লগতে ছজনকৈ চালক আৰু পৰিচালকক আটক কৰে । আৰক্ষীৰ জেৰাত চালকসকলে সাৰৰ চোৰাং ব্যৱসায়ৰ কথা স্বীকাৰ কৰি মিজোৰাম হৈ ম্যানমাৰলৈ সাৰ যায় বুলি স্বীকাৰ কৰে । আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীৰ তথ্য উদঘাটন কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰিছে ।
উল্লেখ্য যে, চালানত সাৰৰ পৰিৱৰ্তে চাউল কঢ়িয়াই অনা বুলি টেক্স ইনভইচ আছিল আৰু যাৰ মূল্য ট্ৰাকে প্ৰতি পাঁচ লাখতকৈ অধিক বুলি দেখুওৱা হৈছিল ।