অসম

assam

ETV Bharat / state

বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্য - বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ড

কোকৰাঝাৰৰ শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত আৰু তিনি অভিযুক্তক গ্ৰেপ্তাৰ ৷ পোহৰলৈ আহিল হত্যাৰ আঁৰৰ ৰহস্য (Kokrajhar teacher murder mystery) ৷

3-person-arrested-in-school-teacher-murder-case-of-kokrajhar
বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্য

By

Published : Mar 29, 2022, 10:38 PM IST

কোকৰাঝাৰ, ২৯ মাৰ্চ : কোকৰাঝাৰ জিলাৰ কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক যোৱা ৫ মাৰ্চত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰাৰ (Berlao Barthao Brahma Murder case) পিছত সোমবাৰে কোকৰাঝাৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আৰু তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (3 person arrested in school teacher murder case) । লক্ষণীয়ভাৱে ইয়াৰ দুজন অভিযুক্ত প্ৰাক্তন এনডিএফবিৰ সদস্য বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তিনি দুৰ্ষ্কৃতিকাৰী ক্ৰমে জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ, প্ৰেমজিৎ বসুমতাৰী আৰু বিনয় ব্ৰহ্ম । ইয়াৰ পূৰ্বে আৰক্ষীয়ে অভিজিৎ সেন, অসীম পণ্ডিত , গৌৰৱ সৰকাৰ নামৰ তিনি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ আনহাতে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰবাল দৈমাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । অভিযুক্তৰ ভিতৰত প্ৰবাল দৈমাৰী আৰু জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ প্ৰাক্তন এনডিএফবিৰ সদস্য ।

বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্য

শিক্ষক হত্যাকাণ্ডৰ পিছতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেৰ নিৰ্দেশনাত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে অতি কম সময়ৰ ভিতৰতে সাতজন অভিযুক্তক চিনাক্ত কৰে আৰু ইয়াৰে ছজনক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযুক্ত প্ৰবাল দৈমাৰী নামৰ প্ৰাক্তন এনডিএফবিৰ সদস্যজন সম্প্ৰতি পলাতক অৱস্থাত আছে ।

জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই সদৰী কৰা মতে অতি শীঘ্ৰেই পলাতক অভিযুক্ত প্ৰবাল দৈমাৰীক আটক কৰা হব আৰু যথাসম্ভৱ কম সময়ৰ ভিতৰতে চাৰ্জচিট দাখিল কৰা হব । উল্লেখ্য যে, একমাত্ৰ টকাৰ লোভত পৰিয়ে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে শিক্ষকগৰাকীক হত্যা কৰিছিল । আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে অভিযুক্ত প্ৰবাল দৈমাৰী, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশ আৰু বিনয় ব্ৰহ্মই শিক্ষকগৰাকীৰ কুমগুৰীৰ তিনকোনা বাসভৱনৰ পৰাই ৯ মাৰ্চত অপহৰণ কৰিছিল ।

শিক্ষকগৰাকীৰ বাসভৱনতে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ভাবুকিৰে বেংকৰ চেক বহী হস্তগত কৰিছিল আৰু দুটা চেকবহীৰ পাতত চহী লৈছিল । তাৰপিছত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে ৯ মাৰ্চৰ নিশাই শিক্ষকগৰাকীক হত্যা কৰিছিল আৰু ১০ মাৰ্চৰ ৰাতিপুৱা কোকৰাঝাৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্টপাৰা শাখাৰ পৰা পাঁচলাখ টকা চেকযোগে উঠাই লৈছিল ।

আৰক্ষীয়ে সমগ্ৰ ঘটনা ক্ষিপ্ৰতাৰে তদন্ত কৰি বেংকৰ চিচি টিভি ফুটেজত বন্দী হোৱা টকা উঠোৱা চাৰি দুৰ্ষ্কৃতিকাৰী ক্ৰমে অভিজিৎ সেন, জাংখ্ৰীখান নাৰ্জাৰী ওৰফে জনেশক, প্ৰবাল দৈমাৰী আৰু বিনয় ব্ৰহ্মক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰু সেইমতে প্ৰবাল দৈমাৰীৰ বাহিৰে আন তিনিজনক গ্ৰেপ্তাৰ কৰে আৰু গৌৰৱ সৰকাৰ আৰু প্ৰেমজিৎ বসুমতাৰীকো গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে পলাতক প্ৰবাল দৈমাৰীৰ ঘৰৰ পৰা এক লাখ পঞ্চাছ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । অভিযোগ মতে, অকল টকাৰ লোভতে ঘৰৰ পৰা অপহৰণ কৰি নি কৃতী শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক নৃশংসভাৱে হত্যা কৰি মাগুৰমাৰীৰ নিকটৰ চেঁচাপানীৰ শালবাগানক মৃতদেহ পেলাই থে যায় ।

লগতে পঢ়ক :Nilim Mahanta granted bail: মুকলি আকাশৰ তললৈ আহিল শিল্পী নীলিম মহন্ত

ABOUT THE AUTHOR

...view details