বড়োলেণ্ডত তিনিজন বড়ো নেতাক আটক কোকৰাঝাৰ, ৭ জানুৱাৰী :বড়োলেণ্ডত অঘটন ৷ হঠাতে আটক কৰা হ’ল তিনিজনকৈ বড়োলেণ্ডৰ নেতাক ৷ আটকাধীন নেতাকেইজন হ’লবড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু সদৌ বিটিএডি ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰী (3 BTAD leader arrested) ৷
শুকুৰবাৰৰ মাজ নিশা কোকৰাঝাৰ সদৰ আৰক্ষীয়ে পৃথকে পৃথকে আটক কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু সদৌ বি টি এ ডি ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক ৷ জানিব পৰা মতে, কোকৰাঝাৰ আৰক্ষীয়ে শুকুৰবাৰৰ মাজনিশা 2 - 2:30 মান বজাত কোকৰাঝাৰৰ চহৰৰ মাইবং নৌগৰৰ বাসভৱনৰ পৰা দাওৰাও দেখ্ৰৱ নাৰ্জাৰীক আটক কৰে ৷
হিতেশ বসুমতাৰীকো শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে বাগছা জিলাৰ মছুলপুৰৰ পৰা আটক কৰি আনে ৷ ইয়াৰ বিপৰীতে শণিবাৰৰ পুৱতি নিশা ৪ মান বজাত গোসাইগাঁৱৰ সাপকাটাৰ শহুৰেকৰ ঘৰৰ পৰা পৰা বিক্ৰম দৈমাৰীক আটক কৰে ৷ বিক্ৰম দৈমাৰীৰ ঘৰ ওদালগুৰি জিলাত বুলি জানিবলৈ পৰা গৈছে ৷
অৱশ্যে তিনিওজনকে আটক কৰাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই আৰু আৰক্ষীও এই সন্দৰ্ভত এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই ৷ তিনিওজন সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত আৰক্ষীৰ জিম্মাত আছে ৷ ইতিমধ্যে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং কোকৰাঝাৰ সদৰ থানাত উপস্থিত হৈ তিনিওজনৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ৷
ইপিনে তিনিজনকৈ নেতাক আটক কৰাক লৈ কোকৰাঝাৰ তথা বি টি আৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ কোকৰাঝাৰ সদৰ থানাতো সস্তম কৰি ৰখা হৈছে আৰক্ষী আৰু চি আৰ পি এফ জোৱান ৷ ইপিনে দাওৰাও দেখ্ৰৱ নাৰ্জাৰী বিভিন্ন সময়ত জনজাতিৰ ভূমি সংৰক্ষণৰ লগতে শেহতীয়া সমষ্টি পুনৰ নিৰ্দ্ধাৰণক লৈ মন্তব্য আগবঢ়াই অহা পৰিলক্ষিত হৈছিল ৷ যাৰ বাবে হয়তো আৰক্ষীয়ে আটক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বনছুৰ নেতৃত্বই (Bodo National Students’ Union) ৷
উল্লেখ্য যে, আটকাধীন লোককেইজনক বৰ্তমানলৈ পৰিয়ালৰ লোকৰ সতে সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি জানিবলৈ পৰা গৈছে ৷
লগতে পঢ়ক :City buses seized by transport department: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চিটি বাছ চালক, হেণ্ডিমেনৰ প্ৰতিবাদ