অসম

assam

By

Published : Aug 20, 2021, 10:14 AM IST

ETV Bharat / state

২১ সংখ্যক মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰণ সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মক

কোকৰাঝাৰত উদযাপন প্ৰয়াত সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বিনেশ্বৰ ব্ৰহ্মৰ আদৰ্শেৰে সকলোকে আগুৱাই যাবলৈ আহ্বান বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৰ ৷

_bineshwar bhahma's 21th death anniversary observe
বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

কোকৰাঝাৰ,20 আগষ্ট: ‘‘মানৱতাৰ দূত বিনেশ্বৰ ব্ৰহ্মৰ নীতি-আদৰ্শ, চিন্তাধাৰা বাস্তৱত ৰূপায়ণ কৰিবলৈ আমি যুগে যুগে দায়বদ্ধ হৈ থাকিম । বড়ো ভাষা-সাহিত্য, সংস্কৃতিলৈ প্ৰয়াত সাহিত্যিক গৰাকীৰ যি অৱদান সেয়া বড়ো জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে ৷ বড়ো ইতিহাসত তেওঁৰ অৱদান চিৰযুগমীয়া হৈ ৰব ৷’’ প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকীত উপস্থিত হৈ এই মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োয়ে (BTR Chief Pramod Boro) ৷

উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু দিৱস বৃহস্পতিবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা উক্ত কাৰ্যসূচীতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰমোদ বড়ো ৷ এই অনুষ্ঠানতে প্ৰমোদ বড়োয়ে কয় যে, দীৰ্ঘদিনীয়া বড়ো সংগ্ৰামৰ ফলত জাতিটোৱে বহু ভাল ভাল নেতা, বুদ্ধিজীৱিক হেৰুৱাব লগা হৈছিল ৷ তাৰ বাবে আমি আজি অনুতপ্ত ।

বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

বিনেশ্বৰ ব্ৰহ্মৰ (Bineshwar Brahma) হত্যাকাণ্ড বড়ো জাতিৰ বাবে এক অভিশাপ স্বৰূপ ৷ লগতে বড়ো জাতিটোৰ প্ৰতি এক অপূৰণীয় ক্ষতি ৷ এই বুলি উল্লেখ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী বিষয়াপ্ৰমোদ বড়োয়ে ৷

এইগৰাকী মহান ব্যক্তি গৰাকীৰ আদৰ্শেৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনাই মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ ইপিনে বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ হস্ততাঁত-বয়ন আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৗৰা ব্ৰহ্মই (Urkhaw Gaura Brahma) কয় যে, বিনেশ্বৰ ব্ৰহ্মৰ বলিদান বড়ো সমাজত সদায় অমৰ হৈ থাকিব ৷ হত্যাকাণ্ড ঘটনা সদায় নিন্দনীয় ৷ সেই সময়ত পৰিস্থিতি বহুত বেলেগ আছিল ৷

ইয়াক পুনৰ আলোচনালৈ অনাটো ঠিক নহ’ব ৷ কিন্তু বিনেশ্বৰ ব্ৰহ্মই সদায় সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিল ৷ তেখেতে চলোৱা দীৰ্ঘদিনীয়া চেষ্টাৰ ফল আজি কিছু হ’লেও সাৰ্থক হৈছে ৷ এই বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু দিৱসৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো শিক্ষাবিদ ড৹ মংগল সিং হাজোৱাৰী, সুৰত নাৰ্জাৰী, ড৹ অজিত বড়ো, বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলোৎ স্বৰ্গীয়াৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

ABOUT THE AUTHOR

...view details