কোকৰাঝাৰ,১০ফেব্ৰুৱাৰী: ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত হোৱা ঐতিহাসিক বি টি চি চুক্তিয়ে দেওবাৰে ১৭ বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বি টি চি চৰকাৰৰ সহযোগত বদফা নগৰত অনুষ্ঠিত কৰা বড়োলেণ্ড দিৱস এইবেলিও জাকজমকতাৰে পালন কৰা হয়।
এই অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচীত দেৱৰগাঁওস্থীত শ্বহীদ উদ্যানত পুৱা শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। লগতে মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত শ্বহীদৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিটিচি চুক্তিৰ ৯০ শতাংশ দফাই কাৰ্যকাৰী হোৱা বুলি মন্তব্য কৰে । অসম চৰকাৰৰ তৰফৰ পৰা বড়োলেণ্ড আন্দোলনৰ শ্বহীদৰ পৰিয়ালক পাঁচ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা বাবে অসম চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালকো হাগ্ৰামা মহিলাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে ।