কোকৰাঝাৰ, 6 মে' : 2003 চনৰ পৰা 2020 চনৰ 27 এপ্ৰিললৈ সোতৰ বছৰ কাল বিটিএডিৰ শাসনত থকা হাগ্ৰামা মহিলাৰীয়ে বড়ো ভূমিক দিলে কি ! পুনৰ এটা নিৰ্বাচনত ভোট দিয়াৰ বাবে সাজু হোৱাৰ আগ মূহুৰ্তত বড়োলেণ্ডৰ প্ৰতিজন সচেতন নাগৰিকে উভটি চাইছে হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসক । কৰি চাইছে পোৱা নোপোৱাৰ হিচাব । বি টি এ ডি শান্তি চুক্তিৰ মূল উদ্দেশ্য আছিল সেই ভৌগলিক খণ্ডত বড়ো আৰু অন্যান্য জাতি-জনগোষ্ঠীৰ অৰ্থনৈতিক, শৈক্ষিক আৰু ভাষিক-সাংস্কৃতিক বিকাশৰ ধাৰা সুনিশ্চিত কৰা । সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বাক্ষৰিত এই চুক্তিৰ ৰূপায়ণ পৰ্বত বিশেষ ভাবে অগ্ৰাধিকাৰ দিয়া হৈছিল নিবনুৱাৰ সংস্থাপন আৰু তাৰ বাবে প্ৰকল্প ৰূপায়ণৰ উদ্দেশ্যে প্ৰথম পাঁচ বছৰত পাঁচশ কোটি টকা ধাৰ্য কৰা হৈছিল । কিন্তু 2008 চনত দেশৰ প্ৰধানমন্ত্ৰীয়ে বিশেষ পেকেজৰ ঘোষণাৰে এই পূঁজিৰ পৰিমান 250 কোটিকৈ বৃদ্ধি কৰে ।
মনকৰিবলগীয়া যে সেই সময়তে বি টি এ ডি ত 63 টা অভিলাষী প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল যদিও তাৰ ফলাফল মুঠেই আশাব্যঞ্জক নহ'ল বুলি অভিযোগ উঠি আহিছে । আনহাতে, 2003 চনৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাবে নিৰ্বাচন জিকি সোতৰ বছৰ শাসনত থকা বি টি এ ডি মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিগত সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়নকে মুখ্য কৰি প্ৰায় প্ৰতিটো মন্ত্ৰালয়ৰ পৰা বিভিন্ন শিতানত পুঁজি আহৰণ কৰি আহিছিল । বি টি এ ডি ৰ প্ৰধান বিৰোধী দল ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেলৰ অধ্যক্ষ তথা প্ৰাক্তন এবছু সভাপতি প্ৰমোদ বড়োৱে 'কেগ' ৰ প্ৰতিবেদনত আঙুলিয়াই শেহতীয়াকৈ উত্থাপন কৰা অভিযোগ অনুসৰি 2007 চনৰ পৰা 2014চনলৈ বি টি এ ডি ৰ প্ৰশাসনে মুঠ 5385 কোটি টকা লাভ কৰিছে । এই বৃহৎ পুঁজিৰ ব্যাপক হাৰত দুৰ্নীতি হৈছিল বুলিও অভিযোগ তুলিছে প্ৰমোদ বড়োৱে ।