অসম

assam

ETV Bharat / state

Reality Public School : ৰিয়েলিটি পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন

কোকৰাঝাৰ জিলাৰ নিকটৱৰ্তী চান্দামাৰীস্থিত ৰিয়েলিটি পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় (10th foundation day of The Reality Public school) ৷ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱাৰিয়েলিটি পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোৰ কাৰ্যসূচী শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে গুৱাহাটী ক্ষেত্ৰৰ CBSEৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কে কে চৌধুৰী ৷

celebrations-10th-foundation-day-of-the-reality-public-school-in-kokrajhar
চান্দামাৰীস্থিত ৰিয়েলিটি প্লাৱিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Oct 22, 2022, 10:46 PM IST

কোকৰাঝাৰ, ২২ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ নিকটৱৰ্তী চান্দামাৰীস্থিত ৰিয়েলিটি পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় (Celebrations 10th foundation day of The Reality Public school) ৷ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ৰিয়েলিটি পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে CBSEৰ গুৱাহাটী ক্ষেত্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কে কে চৌধুৰীয়ে ৷

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি বিষ্ময় বালিকা জাহ্নবী পানোৱাৰ আৰু বিষ্ময় বালক মাষ্টাৰ শাৰিম খানে ৰিয়েলিটি প্লাৱিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুপ্ৰেৰণামূলক বক্তৃতা আগবঢ়ায় ৷ ইপিনে ৰিয়েলিটি পাব্লিক স্কুলৰ (The Reality Public school in Kokrajhar) দশম প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ সতে সংগতি ৰাখি স্কুলখনৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে স্কুলখনৰ অধ্যক্ষ সুধাং ব্ৰহ্মই ৷

চান্দামাৰীস্থিত ৰিয়েলিটি প্লাৱিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন

মাত্ৰ 32 গৰাকী ছাত্ৰ-ছাত্ৰীৰে ২০১২ চনত শিক্ষাৰ যাত্ৰা আৰম্ভ কৰা ৰিয়েলিটি পাব্লিক স্কুলখনত সম্প্ৰতি ৭৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ৷ মনকৰিবলগীয়া যে, যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে ৰিয়েলিটি পাব্লিক স্কুলত নাৰ্চাৰীৰ পৰা অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ নকৰে তেনেহ’লে শিক্ষাৰ্থীগৰাকীৰ অভিভাৱকে আৰম্ভণিৰ পৰাই বহন কৰা সম্পূৰ্ণ মাচুল তথা ধন উভতাই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে স্কুলখনৰ অধ্যক্ষ সুধাং ব্ৰহ্মই ৷

চান্দামাৰীস্থিত ৰিয়েলিটি প্লাৱিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন

ইফালে, ১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হোৱা অসমৰ উচ্চশিক্ষাৰ অন্যতম বাটকটীয়া ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্য়ালয়ে জ্ঞানৰ জেউতি বিলাই স্বগুণেৰে মহীয়ান হৈ বিগত ২০২১ বৰ্ষৰ ২ নৱেম্বৰত গৌৰৱোজ্বল ৭৫ বৰ্ষত উপনীত হয় । সেইদিনাৰ পৰা অহা ২ নৱেম্বৰ, ২০২২ তাৰিখলৈকে বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে ।

মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অন্তত আগন্তুক ৩১ অক্টোবৰ, ১ আৰু ২ নৱেম্বৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে (75th Foundation day of Sivasagar college) ।

লগতে পঢ়ক:Basistha Dev Sharma no more : বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি...

ABOUT THE AUTHOR

...view details