অসম

assam

By

Published : Jun 29, 2020, 5:36 PM IST

ETV Bharat / state

শূন্য সহনশীল চৰকাৰৰ আমোলাতে সংঘটিত অবাধ দুৰ্নীতি: কমলাক্ষ দে পুৰকায়স্থ

কৰিমগঞ্জ বিজেপিৰ একাংশ নেতা দুৰ্নীতিত লিপ্ত থকাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি জিলাখনৰ একাংশ ব্যৱসায়ীৰে সৈতে গোপন বুজাবুজিৰ ভিত্তিত বিজেপি নেতাসকলে চলাই গৈছে এই দুৰ্নীতি ৷

Zero Tolerant Government is rampant corruption kamalakhya dey purakayostho karimganj assam etv bharat news
কমলাক্ষ দে পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ

কৰিমগঞ্জ,29 জুন:শূন্য সহনশীল নীতিৰ শ্লোগান আওৰাই খোদ দুৰ্নীতিত লিপ্ত হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ একাংশ দলীয় নেতা ৷ কৰিমগঞ্জ বিজেপিৰ একাংশ নেতা দুৰ্নীতিত লিপ্ত থকাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷ বিধায়ক গৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি জিলাখনৰ একাংশ ব্যৱসায়ীৰে সৈতে গোপন বুজাবুজিৰ ভিত্তিত বিজেপি নেতাসকলে চলাই গৈছে এই দুৰ্নীতি ৷

কমলাক্ষ দে পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ

শেহতীয়াভাৱে জিলাখনৰ ব্যৱসায়ীসকলৰ সৈতে এক বৈঠকত মিলিত হয় বিজেপিৰ নেতাসকল ৷ উক্ত বৈঠকতে নিৰ্ধাৰিত হয় ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰিবলগীয়া ধনৰ নতুন নিৰিখ ৷ উক্ত চোৰাং তালিকা ফাদিল কৰিছে বিধায়ক গৰাকীয়ে ৷ বিশেষকৈ সামগ্ৰী আমদানি-ৰপ্তানি কাৰ্যত ব্যৱহৃত প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰিবলগীয়া ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ কথা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ কিন্তু এই বিস্ফোৰক অভিযোগ উত্থাপন কৰা স্বত্বেও বিধায়ক গৰাকীয়ে কোন বিজেপি নেতা এই কাৰ্যত জড়িত আছে সেয়া প্ৰকাশৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে ৷

শূন্য সহনশীল চৰকাৰৰ আমোলাতে সংঘটিত অবাধ দুৰ্নীতি

লগতে চাওকঃবিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ

ABOUT THE AUTHOR

...view details