অসম

assam

By

Published : Jun 4, 2021, 8:44 AM IST

ETV Bharat / state

চৰ্চাত কৰিমগঞ্জত এজন প্ৰতিবাদী যুৱক

ৰাইজে কৰিব নোৱাৰা কাম অকলেই কৰি দেখুৱালে এইজন যুৱকে ৷ ইয়াৰ পাছতেই এতিয়া সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সুজন দেৱ ৰয় নামৰ এইজন যুৱক ৷

youth-individual-protest-at-karimganj-for-ambulance
চৰ্চাত কৰিমগঞ্জত এজন প্ৰতিবাদী যুৱক

কৰিমগঞ্জ,4 জুন: অধিকাৰ যে কাঢ়ি আনিব লাগে সেই কথা পুনৰবাৰ প্ৰমান কৰি দেখুৱালে কৰিমগঞ্জৰ এগৰাকী প্ৰতিবাদী যুৱকে ৷ ক'ভিডৰ ভয়াৱহ পৰিস্থতিৰ মাজতে যুৱকজনে অকলেই প্ৰতিবাদত বহি দীৰ্ঘদিনৰ পৰা বিকল হৈ থকা চৰকাৰী এম্বুলেন্স পুনৰ কাৰ্যক্ষম কৰিবলৈ বাধ্য কৰালে জিলা প্ৰশাসনক ৷ এই ঘটনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে কৰিমগঞ্জ জিলাত ৷ উল্লেখ্য যে,কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তো বিকল হৈ আছিল কৰিমগঞ্জ পৌৰসভাৰ অধীনত থকা এখন এম্বুলেন্স ৷ যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল একাংশ ৰোগী তথা ৰোগীৰ পৰিয়াল ৷ এই সন্দৰ্ভত কৰিমগঞ্জৰ সকলোৱে পৰিচিত প্ৰতিবাদী যুৱক সুজন দেব ৰয়ে সাংসদ কৃপানাথ মাল্লাহ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যেক বহুবাৰ অৱগত কৰিছিল ৷ আনকি উক্ত এম্বুলেন্সখন মেৰামতি কৰি কাৰ্যক্ষম কৰিবলৈ আবেদনো জনাইছিল যুৱকজনে ৷ কিন্তু ইয়াৰ পাছতো ৰজাঘৰীয়াৰ পৰা কোনোধৰণৰ সঁহাৰি নাপালে যুৱকজনে ৷

চৰ্চাত কৰিমগঞ্জত এজন প্ৰতিবাদী যুৱক

যাৰ বাবে উপায়হীন হৈ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত অকলেই ধৰ্ণাত বহে যুৱকজন ৷ তেঁওৰ দাবী আছিল যেতিয়া লৈকে এম্বুলেন্স ঠিক নহ’ব, তেতিয়ালৈকে ধৰ্ণা চলি থাকিব ৷ এই খবৰ পোৱাৰ পাছতে কৰিমগঞ্জৰ চক্ৰ বিষয়া ত্ৰিদিপ ৰয় ঘটনাস্থলীত উপস্থিত হৈ শীঘ্ৰে এম্বুলেন্স কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ পাছতে বুধবাৰে প্ৰশাসনে এম্বুলেন্স কাৰ্যক্ষম কৰি ৰাইজৰ বাবে আগবঢ়াই ৷ এই ঘটনাৰ পাছতে এতিয়া সকলোৱে প্ৰশংসাৰে উপচাইছে প্ৰতিবাদী যুবক সুজন দেব ৰয়ক ৷

লগতে পঢ়কঃএখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত

ABOUT THE AUTHOR

...view details