কৰিমগঞ্জ, 19 ফেব্ৰুৱাৰী :ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি কৰিমগঞ্জত গ্ৰেপ্তাৰ হ'ল এজন যুৱক ৷ বৃহস্পতিবাৰে নিশা কৰিমগঞ্জৰ ফকিৰবাজাৰৰ পৰা ইকবাল হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ৷
আনহাতে, শুকুৰবাৰে ইকবালক আদালতত হাজিৰ কৰা হয় ৷ উল্লেখ্য যে, ইকবাল হুছেইন নামৰ এই যুৱকজনে নিজৰ ফেচবুকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত প্ৰচাৰ কৰিছিল ৷