কৰিমগঞ্জ, 1 আগষ্ট: কেৱল ঘৰতে বহি চৰকাৰক সমালোচনা কৰাৰ পৰিৱৰ্তে ভাল কামত সৰকাৰৰ সহযোগিতাত ওলাই আহিল বদৰপুৰৰ দেশপ্ৰেমী মুন্নী চেত্ৰী । ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) ।
জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷ ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ কাৰ্যসূচীৰ সঁহাৰি জনাই আৰ্থিকভাৱে পিছপৰা ১০০ৰো অধিক পৰিয়ালৰ হাতত বিনামূলীয়াকৈ আজাদী কা অমৃতা মহোৎসৱৰ দিনা পতাকা উত্তোলন কৰিবলৈ ভাৰতৰ জাতীয় পতাকা বিতৰণ কৰে দেশ প্ৰেমী মুন্নী চেত্ৰীয়ে (A young woman distributes National flag in Karimganj ) ।
দেওবাৰে "এক কদম সৰকাৰ কেলিয়ে, এক কদম দেশ আৰু সমাজ লৈ ই" অভিযানৰ আধাৰত সমাজকৰ্মী মুন্নীয়ে চৰকাৰৰ সহযোগত যাত্ৰা আৰম্ভ কৰি বদৰপুৰৰ বিভিন্ন গাঁৱৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালক বিনামূলীয়াকৈ ত্ৰিৰংগা বিতৰণৰ কৰে ৷