কৰিমগঞ্জ, 21 নৱেম্বৰ: নিধিৰাম চৰ্দাৰৰ ভূমিকালৈ পৰ্যবেশিত হৈছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধীনস্থ অসমৰ বন বিভাগ ৷ কৰিমগঞ্জ বন বিভাগৰ অধীনত থকা আদৰকোনা বিট অফিচৰ জৰাজীৰ্ণ অৱস্থাই যেন প্ৰতিফলিত কৰিছে বন বিভাগৰ পঁয়ালগা অৱস্থা ৷ কাৰ্যালয়টোত বিগত 10 বছৰে কোনো এজনো কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ অভিযোগ বিগত 10 বছৰে নিজৰ দায়িত্ব ফাঁকি দি আহিছে কাৰ্যালয়টোৰ কৰ্মচাৰী সকলে ৷ কাৰ্যালয়টোত নাই দৰ্জা-খিৰিকী,নাই প্ৰয়োজনীয় আচবাব ৷ ব্যৱহাৰৰ অভাৱত এতিয়া যেন ভূত বাংলালৈ পৰিণত হৈছে কাৰ্যালয়টো ৷ বিভাগটোৱে কেৱল মাত্ৰ আদৰকোনাৰ পৰা 18 কিলোমিটাৰ নিলগত,বদৰপুৰ ঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত আদৰকোনা বিট অফিচৰ চাইনব'র্ড লগাই গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ ৰাইজৰ ৷
দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয় - Workers not attend forest bit office
ৰাইজৰ অভিযোগ বিগত 10 বছৰে নিজৰ দায়িত্ব ফাকি দি আহিছে কাৰ্যালয়টোৰ কৰ্মচাৰী সকলে ৷ কাৰ্যালয়টোত নাই দৰ্জা-খিৰিকী, নাই প্ৰয়োজনীয় আচবাব ৷ ব্যৱহাৰৰ অভাৱত এতিয়া যেন ভূত বাংলালৈ পৰিণত হৈছে কাৰ্যালয়টো ৷
![দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয় workers-not-attend-forest-bit-office-last-10-year-in-karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9613762-thumbnail-3x2-p1.jpg)
দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়
দহ বছৰে কৰ্মচাৰী উপস্থিত নোহোৱা বনবিভাগৰ এটা কাৰ্যালয়
উল্লেখ্য যে,বিভাগৰ এনে কৰ্ম কাণ্ডত অতীষ্ঠ হৈ ভূমি ঘুৰাই দিয়াৰ দাবী কৰিছে কাৰ্যালয়টোৰ বাবে ভূমি দান কৰা পৰিয়ালটোৱে ৷ ভূমি দান কৰা পৰিয়ালৰ সদস্য ৰঞ্জিত চুতীয়াই জনাইছে যে,যদি উক্ত স্থানত কাৰ্যালয়টোৰ কোনো কাম নাই তেনেহ'লে বিভাগে তেখেতৰ ভূমি হস্তান্তৰ কৰিব লাগে ৷ ৰাইজৰ অভিযোগ কাৰ্যালয়টোত কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ বাবে নিতৌ উক্ত স্থানেৰে শ-শ ট্ৰাক অবৈধ বনজ সম্পদ কঢ়িয়াই নিয়া ট্ৰাক পাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
লগতে পঢ়কঃপুৱাই ডাঠ কুঁৱলীয়ে আগুৰি ধৰিলে দেশৰ ৰাজধানী দিল্লীক