কৰিমগঞ্জ, 2 অক্টোবৰ: কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ অবৈধ চেগুন কাঠৰ কুন্দা ভৰ্তি এখন টাটা ডিআই বাহন ৷ বৃহস্পতিবাৰে নিশা লংগাই বনাঞ্চলৰ অন্তৰ্গত কুলিছৰা এলেকাত অবৈধ ভাৱে কাঠ সৰবৰাহ কৰি থকা সময়ত বন বিভাগে বাহনখন জব্দ কৰে ৷
দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ হ’ল কৰিমগঞ্জত - দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ
কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ৷ চেগুন কাঠৰ কুন্দা ভৰ্তি এখন টাটা ডিআই বাহনৰ সৈতে দুখনকৈ মটৰ চাইকেল জব্দ ৷ লংগাই বনাঞ্চলৰ অন্তৰ্গত কুলিছৰা এলেকাত জব্দ বাহনখন ৷ বন মাফিয়াৰ বিৰুদ্ধে কৰিমগঞ্জ বন বিভাগৰ অভিযান অব্যাহত ৷
![দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ হ’ল কৰিমগঞ্জত কৰিমগঞ্জত দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9019358-thumbnail-3x2-stolenwood.jpg)
কৰিমগঞ্জত দুই লক্ষাধিক মূল্যৰ চেগুন কাঠ ভৰ্তি বাহন জব্দ
জানিব পৰা মতে, জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় দুই লাখৰ অধিক হ'ব ৷ জব্দ হোৱা কাঠখিনি বৰ্তমান লোৱাইৰপোৱা বন সংমণ্ডলৰ কাৰ্যালয়ত ৰখা হৈছে ৷ উল্লেখ্য যে জব্দ হোৱা টাটা ডিআই বাহনখনৰ সৈতে বন বিভাগে দুখনকৈ মটৰ চাইকেলো জব্দ কৰিছে ৷ অভিযোগ অনুসৰি বন বিভাগে মাজে মাজে অভিযান চলাই কাঠ জব্দ কৰি আহিছে যদিও বৰ্তমানেও জিলাখনৰ সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য অব্যাহত আছে ৷
লগতে পঢ়ক:অৱশেষত উদ্ধাৰ হ’ল দুষ্কৃতিকাৰীয়ে লৈ যোৱা দুটাকৈ থ্ৰী নট থ্ৰী ৰাইফল