অসম

assam

ETV Bharat / state

কৰিমগঞ্জত পুনৰ নাৰী নিৰ্যাতনঃকথামপি প্ৰাণ ৰক্ষা মহিলাৰ

স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আত্মহত্যাৰ চেষ্টা চলালে কৰিমগঞ্জ চহৰৰ সুভাষনগৰ এলেকাৰ ৰাধাৰমণ লেনৰ এগৰাকী মহিলাই ৷ পৰিয়ালৰ আন আন সদস্যৰ উপস্থিতিত কথামপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ ৷ ইয়াৰ পিচতে কেইবাটাও মহিলা সংগঠনে কৰিমগঞ্জ সদৰ থানা ঘেৰাও কৰি অভিযুক্ত স্বামী আৰু শহুৰেকৰ ওপৰত কঠোৰ শাস্তিৰ দাবীৰে উত্তাল কৰি তোলে থানাৰ চৌহদ ৷

By

Published : Dec 9, 2020, 12:57 PM IST

women-harassment-at-karimganj
কৰিমগঞ্জত পুনৰ নাৰী নিৰ্যাতনঃকথামপি প্ৰাণ ৰক্ষা মহিলাৰ

কৰিমগঞ্জ,9 ডিচেম্বৰঃৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ চহৰতো বাঢ়িছে নাৰী নিৰ্যাতন আৰু নাৰী হত্যাৰ ঘটনা ৷ এনে ঘটনাসমূহ নিৰ্মূল কৰাত একপ্ৰকাৰ ব্যৰ্থ কৰিমগঞ্জ আৰক্ষী ৷ মাত্ৰ দুমাহ পূৰ্বে কৰিমগঞ্জ চহৰৰ শিববাৰী পথত স্বামীৰ পৰিয়ালে মিলি এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনাৰ চাৰ্জশ্বিট আদালতত জমা দিয়াৰ সময়তে পুনৰ আন এটা ঘটনাই জোকাৰি গৈছে চহৰখনক ৷ এইবাৰ স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আত্মহত্যাৰ চেষ্টা চলালে কৰিমগঞ্জ চহৰৰ সুভাষনগৰ এলেকাৰ ৰাধাৰমণ লেনৰ এগৰাকী মহিলাই ৷

কৰিমগঞ্জত পুনৰ নাৰী নিৰ্যাতনঃকথামপি প্ৰাণ ৰক্ষা মহিলাৰ

জানিব পৰা মতে, কৰিমগঞ্জ চহৰৰ সুভাষ নগৰ ৰাধাৰমণ আশ্ৰম পথৰ বাসিন্দা অনুপ পাল চৌধুৰীৰ পুত্ৰ তথা জলসিঞ্চন বিভাগৰ কৰ্মী অৰ্ণৱ পাল চৌধুৰীয়ে চহৰৰ ২০ নং ৱাৰ্ডৰ এগৰাকী যুৱতীক সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে 2019 চনৰ 11 ডিচেম্বৰত বিয়া কৰাইছিল ৷ কিন্তু বিবাহৰ এমাহ পিছৰে পৰা অৰ্ণৱ পাল চৌধুৰীয়ে মহিলাগৰাকীৰ ওপৰত আৰম্ভ কৰিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ যাৰ পৰিপ্ৰেক্ষিতত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মঙলবাৰে নিশা আত্মহত্যাৰ চেষ্টা চলায় ৷ কিন্তু পৰিয়ালৰ আন আন সদস্যৰ উপস্থিতিত কথামপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ ৷ ইয়াৰ পিচতে কেইবাটাও মহিলা সংগঠনে কৰিমগঞ্জ সদৰ থানা ঘেৰাও কৰি অভিযুক্ত স্বামী আৰু শহুৰেকৰ ওপৰত কঠোৰ শাস্তিৰ দাবীৰে উত্তাল কৰি তোলে থানাৰ চৌহদ ৷ ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সদৰ থনাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক আটক কৰে ৷ বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃবিটিচি নিৰ্বাচনঃ চিৰাঙত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সংবাদমেল

ABOUT THE AUTHOR

...view details