অসম

assam

ETV Bharat / state

পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে - বনৰীয়া হাতী

কৰিমগঞ্জত এজনী মাইকী বনৰীয়া হাতীৰ দুৰাৱস্থা ৷ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছে মাইকী হাতীজনী ৷ সম্প্ৰতি চাম্পাবাৰী এলেকাৰ চাকমা বস্তিত এডোখৰ বোকাময় ঠাইত পৰি উঠিব নোৱাৰা হৈছে অসুস্থ হাতীজনীয়ে ৷

wild elephant sick in karimganj
কৰিমগঞ্জত মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে

By

Published : Dec 14, 2020, 12:03 PM IST

কৰিমগঞ্জ,14 ডিচেম্বৰ : কৰিমগঞ্জত তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিছে এজনী অসুস্থ মাইকী বনৰীয়া হাতীয়ে ৷ বিগত কিছু মাহৰ পৰাই অসুস্থ অৱস্থাত ইফালে সিফালে ঘূৰি ফুৰিছে মাইকী হাতীজনীয়ে । পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিছাৰ জনবসতি থকা এলেকাত সঘনাই উপস্থিত হয় অসুস্থ হাতীজনী ।

কৰিমগঞ্জত মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে

বন বিভাগে সদৰি কৰা মতে, বদহজম জনিত ৰোগত ভুগি আছে হাতীজনী ৷ কেৱল কলগছৰ বাহিৰে আন কোনো খাদ্য হজম কৰিব নোৱাৰা অসুস্থ হাতিজনীয়ে সঘনাই কলগছৰ সন্ধানত বাগিছাৰ জনবসতি থকা এলেকাত বাহৰ পাতে । কিন্তু শনিবাৰৰ নিশাৰে পৰা চাম্পাবাৰী এলেকাৰ চাকমা বস্তিত এডোখৰ বোকাময় ঠাইত পৰি উঠিব নোৱাৰা হৈছে অসুস্থ মাইকী হাতীজনীয়ে ।

দেওবাৰে কৰিমগঞ্জৰ ডিএফঅ’ জালনুৰ আলীৰ নেতৃত্বত বন বিভাগৰ এটা দলে অসুস্থ হাতীজনীৰ স্বাস্থ্যৰ বুজ লয় ৷ সোমবাৰে কাজিৰঙাৰ পৰা এটা চিকিৎসকৰ দল হাতীজনীৰ চোৱা-চিতা কৰিব বুলি জানিব পৰা গৈছে ৷

ইফালে উপযুক্ত চিকিৎসাৰ অভাৱত হাতীজনীৰ এনে অৱস্থা হোৱা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক :ধেমাজিত ই-ৰিক্সাৰ বেটাৰী লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details