কৰিমগঞ্জ, ৮ অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জতো উদযাপন কৰা হয় বন্যপ্ৰাণী সপ্তাহ। বুধবাৰে ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ অন্ত পৰে। সপ্তাহজোৰা এই অনুষ্ঠানটিৰ আয়োজন কৰে কৰিমগঞ্জৰ বন সংমণ্ডল আৰু 'বৰাক ভীষণ' নামৰ বেচৰকাৰী সংস্থাটোৱে। কৰিমগঞ্জৰ ধোহালিয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বিষদভাৱে আলোচনা কৰে কৰিমগঞ্জৰ বিভাগীয় বন বিষয়াই।
কৰিমগঞ্জত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি - বন্যপ্ৰাণী
কৰিমগঞ্জত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি। কৰিমগঞ্জৰ ধোহালিয়া আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত সামৰণি অনুষ্ঠানৰ আয়োজন।
কৰিমগঞ্জত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি
অনুষ্ঠানত অংশগ্ৰহণ কৰে জি এম চৌধুৰীৰ লগতে বেচৰকাৰী সংস্থাটোৰ আন কৰ্মকৰ্তাই। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ৭দিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বন বিভাগৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক ভাৱে গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ উদ্বোধন কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়।