অসম

assam

By

Published : Apr 15, 2023, 9:58 AM IST

ETV Bharat / state

Wife killed her husband: কৰিমগঞ্জত পত্নীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ

কৰিমগঞ্জত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত (Wife killed her husband in Karimganj) ৷

Mysterious murder
পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

কৰিমগঞ্জ, 15 এপ্ৰিল :ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ, হত্যাৰ ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ ৰঙালী বিহুৰ দিনাই বৰাক উপত্যকাৰ কৰিমগঞ্জৰ পৰা আহিছে আন এক চাঞ্চল্যকৰ অপৰাধৰ খবৰ ৷ জিলাখনৰ এখন চাহ বাগিচাত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ড (Mysterious murder in Karimganj) ৷

কৰিমগঞ্জ জিলাৰ বজৰিচৰা থানাৰ অন্তৰ্গত ত্রিম‌টি চাহ বাগিচাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো ৷ ত্রিম‌টি চাহ বাগিচাত এগৰাকী পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ ৷ বৃহস্পতিবাৰৰ মাজৰাতি পত্নীগৰাকীয়ে স্বামীক হত্যা কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে (Wife killed her husband in Karimganj) ৷

চাঞ্চল্যকৰ বিষয় যে, স্বামীক হত্যা কৰি স্থানীয় কাঁঠালত‌লি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে মহিলাগৰাকীয়ে । আৰক্ষীৰ আগত মাজনিশা মহিলাগৰাকীয়ে দাৰে স্বামীক হত্যা কৰা বুলি স্বাকাৰোক্তি দিয়ে ৷ পাৰিবাৰিক বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

পত্নীৰ হাতত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া স্বামীগৰাকীৰ নাম বিজয় নাইক আৰু পত্নীগৰাকীৰ নাম অনিতা নাইক ৷ পাৰিবাৰিক সংঘাতৰ বাবেই বিজয় নাইক নামৰ লোকজনে পত্নীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি আৰক্ষীৰ লোকে উল্লেখ কৰে । মাজনিশা দাৰে স্বামী বিজয় নাইকক পত্নী অনিতা নাইকে হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

বৃহস্পতিবাৰৰ মাজ নিশা দাৰে স্বামীক দাৰে হত্যা কৰি শুকুৰবাৰে পুৱাই হত্যাকাৰীৰ পত্নী অনিতাই স্থানীয় থানাত আত্মসমৰ্পণ কৰে । ইয়াৰ পিচত আৰক্ষীয়ে তদন্ত কৰি মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু হত্যাকাৰী অনিতা নাইকক আৰক্ষীয়ে জিম্মাত লয় ।

বৰ্তমান হত্যাকাৰী মহিলাগৰাকী পাথাৰকান্দি আৰক্ষী জিম্মাত থকা বুলি জানিব পৰা গৈছে। আজি আৰক্ষীয়ে মহিলাগৰাকীক আদালতত হাজিৰ কৰিব । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক :Bihu Celebration in Jonai: জোনাইৰ চিমেন চাপৰিত আছুৰ উদ্যোগত ৰঙালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details