কৰিমগঞ্জ, 1 আগষ্ট :কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীৰ দলে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানী সাগৰ এলেকাত এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷
অসম-ত্ৰিপুৰা সীমান্তত গাঞ্জা জব্দ
ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে 27 লাখ টকা মূল্যৰ গাঞ্জা । JK 02 AR 5211 নম্বৰৰ এখন ট্ৰাকত ভৰাই অনা হৈছিল 27 পেকেট গাঞ্জা ।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পঞ্জীয়নকৃত JK 02 AR 5211 নম্বৰৰ এখন ট্ৰাকত ভৰাই অনা হৈছিল 27 পেকেট গাঞ্জা । জব্দ কৰা 270 কিলোগ্ৰাম গাঞ্জাৰ বজাৰ মূল্য হ’ব প্ৰায় 27 লাখ টকা । আৰক্ষীয়ে আটক কৰিছে গাড়ী চালক কিষাণ লালক । আৰক্ষীৰ সোধ-পোচত চালক কিষাণ লালে স্বীকাৰ কৰিছে যে, গাঞ্জাখিনি আগৰতলা বাইপাছৰ পৰা ট্ৰাকত তুলি হৈছিল আৰু গন্তব্যস্থল আছিল উত্তৰ প্ৰদেশ । অৱশ্যে গাঞ্জা সৰবৰাহকাৰীৰ সেই উদ্দেশ্য সফল হ’বলৈ নিদিলে ত্ৰিপুৰা আৰক্ষীয়ে । আচলতে কোনে ট্ৰাক ড্ৰাইভাৰ কিষান লালক এই গাঞ্জাখিনি চমজাই দিছিল সেই তদন্ত ত্ৰিপুৰা আৰক্ষীৰ দলে অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী