অসম

assam

ETV Bharat / state

কৰিমগঞ্জত খোৱাপানীৰ বাবে হাহাকাৰ গাঁওবাসীৰ - Water crisis in Karimganj

খোৱাপানীৰ বাবে গাঁওবাসীৰ হাহাকাৰ ৷ কৰিমগঞ্জত এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে সকলোৱে দূ্ৰ্ভোগ ভূগিবলগা হৈছে ৷

কৰিমগঞ্জ
কৰিমগঞ্জত খোৱাপানীৰ বাবে হাহাকাৰ গাঁওবাসীৰ

By

Published : Mar 22, 2020, 9:17 AM IST

কৰিমগঞ্জ, 22 মাৰ্চ : কৰিমগঞ্জ জিলাত বিশুদ্ধ খোৱাপানীৰ বাবে গাঁওবাসীয়ে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ খোৱাপানীৰ অভাৱত গাঁওবাসীয়ে উপায়হীন হৈ নদী আৰু নলাৰ পানী খাবলৈ বাধ্য হৈছে ৷

খোৱাপানীৰ বাবে গাঁওবাসীৰ হাহাকাৰ

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ ৰায়পুৰ এলেকাত বসবাস কৰা একাংশ লোকে নলাৰ পানীকে খোৱাপানী হিচাপে ব্যৱহাৰ কৰি আহিছে । নিৰ্বাচনৰ পূৰ্বে নেতা-পালিনেতাই বিশুদ্ধ পানী যোগান আঁচনি প্ৰদানৰ প্ৰতিশ্ৰুতি কৰিলেও সেয়া অসাৰ প্ৰতিপন্ন হৈ আহিছে । ৰাতাবাৰী সমষ্টিৰে ফানাইৰবন্ধ এলেকাতো পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছে যদিও আজিপৰ্যন্ত ৰাইজে এই সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰু পঢ়ক : কোভিড-19 : অসমত এজন আক্ৰান্তৰ সন্দেহ

ABOUT THE AUTHOR

...view details