কৰিমগঞ্জ,29 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বৰাক উপত্যকাত ভৰ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ ৷ মহাজোঁট আৰু মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে বৰাক উপত্যকাত ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰ অব্যাহত ৰাখিছে ৷
বৰাকত উপস্থিত যুৱনেতা ওলি ৰহমানি - মিত্ৰজোঁটৰ প্ৰার্থী সিদ্দিক আহমেদ
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বৰাকত ভিৰ কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ ৷ মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ষ্টাৰ কেম্পেইনাৰে প্ৰচাৰ অব্যাহত ৰাখিছে ৷
ইতিমধ্যে বৰাক উপত্যকাত আহি উপস্থিত হৈছে যুৱ প্ৰজন্মৰ মাজত অন্যতম জনপ্ৰিয় নেতা ওলি ৰহমানি । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰার্থী ছিদ্দিক আহমেদৰ হৈ বাৰইগ্ৰামত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰহমানিয়ে । 2021 ৰ বিধানসভা নিৰ্বাচন "অসম ৰক্ষাৰ নিৰ্বাচন" বুলি মন্তব্য কৰে ৰহমানিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি ৰহমানিয়ে ভোট প্ৰদান কৰাৰ আগতে এবাৰ এনআৰচি আৰু নোটবন্দীৰ কথা মনত পেলাবলৈ ৰাইজক আহ্বান জনায় ৷
লগতে পঢ়কঃবিজেপিৰ বিজ্ঞাপনত মুখ্য নিৰ্বাচনী বিষয়াৰ পক্ষপাত: কংগ্ৰেছ