ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জৰ একাংশ ৰাইজৰ - ETV BHARAT
যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো নিৰ্মাণৰ দাবীত একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ওচৰত দাবী জনাইছিল যদিও প্ৰতিবাৰেই প্ৰতিশ্ৰুতি বাদে কায্যকৰি কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাঁওৰ পুৰুষ-মহিলা, বৃদ্ধাকে ধৰি সকলো ৰাইজে ৷
কৰিমগঞ্জ, 04 এপ্ৰিল: বিধ্বস্ত পথৰ বাবেই ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জৰ একাংশ ৰাইজৰ ৷ জৰাজীৰ্ণ পথৰ দুৰাৱস্থাৰ বাবেই যমৰ যাতনা ভুগিব লগা হৈছে কৰিমগঞ্জৰ তিনঘড়ী, ছনয়ালা, বাদশা বাৰী,বৰুৱালা এই চাৰিখন গাঁওৰ পাঁচ হেজাৰৰো অধিক লোকে ৷ উক্ত অঞ্চলৰ যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো নিৰ্মাণৰ দাবীত একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ওচৰত দাবী জনাইছিল যদিও প্ৰতিবাৰেই প্ৰতিশ্ৰুতি বাদে কায্যকৰি কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাঁওৰ পুৰুষ-মহিলা, বৃদ্ধাকে ধৰি সকলো ৰাইজে ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত সমূহীয়া ভোট বৰ্জনৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ ৷