কৰিমগঞ্জ,1 অক্টোবৰ:বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আতিশয্যৰ সন্মুখীন কৰিমগঞ্জৰ এগৰাকী নাবালিকা ৷ জিলাখনৰ ফকিৰাবজাৰৰ মতিলাল নমসূদ্ৰ নামৰ এজন যুৱকৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে নাবালিকাগৰাকীৰ সৈতে উঠা ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল কৰে যুৱকজনে ৷ যুৱকজনে একেখন গাঁৱৰে এগৰাকী নাবালিকাৰ সৈতে পূৰ্বতে সুযোগ বুজি কেইবাখনো ফটো উঠে ৷ এই ফটোৰ সুযোগ লৈ যুৱকজনে নাবালিকাৰ পৰিয়ালক বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷ কিন্তু নাবালিকাগৰাকীৰ মাতৃয়ে এই প্ৰস্তাৱত সন্মতি নোহোৱাত ইণ্টাৰনেটত ফটো ভাইৰেল কৰাৰ ধমকি প্ৰদান কৰে ৷ ইয়াৰ পিছতো নাবালিকাগৰাকীৰ পৰিয়াল যুৱকজনৰ প্ৰস্তাৱত মান্তি নোহোৱাত যুৱকজনে ফটোসমূহ ছ’চিয়েল মেডিয়াত ভাইৰেল কৰে ৷
বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে ফটো ভাইৰেল ছ’চিয়েল মেডিয়াত - ছ’চিয়েল মেডিয়া
বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে নাবালিকাৰ ফটো ভাইৰেল ছ’চিয়েল মেডিয়াত ৷ কৰিমগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷
নাবালিকাৰ ফটো ভাইৰেল
বিষয় প্ৰসংগত পৰৱৰ্তী সময়ত নাবালিকাৰ পৰিয়ালে স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ৷ কিন্তু বিষয়টোত হস্তক্ষেপ প্ৰদান কৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই যুৱকজনৰ জামিনৰ ব্যৱস্থা কৰে ৷ আৰক্ষীয়ে আটকাধীন যুৱকজনক মুকলি কৰি দিয়ে যদিও পুনৰ নাবালিকাগৰাকীৰ মাতৃ কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ কাষ চাপে ৷ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নিৰ্দেশ অনুযায়ী আৰক্ষীয়ে পুনৰ যুৱকজনক কৰায়ত্ত কৰি থানালৈ আনে ৷
Last Updated : Oct 1, 2020, 4:17 PM IST