কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : এগৰাকী বাংলাদেশী অভিযুক্ত আৰু তেওঁৰ সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জ জিলাত একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক স্থানীয় ৰাইজে অভিযুক্তজনৰ লগতে তেওঁক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকজনৰ বিৰুদ্ধেও কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দক্ষিণ কৰিমগঞ্জ বিধান সভা সমষ্টিৰ বান্দৰকোনা জিপিৰ ময়নালা গাঁৱৰ ভোটাৰ তালিকাত সন্দেহযুক্ত বাংলাদেশী যুৱক আল কিবিৰিয়াৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷
বাংলাদেশী অভিযুক্ত আৰু সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জত প্ৰতিবাদ
এগৰাকী বাংলাদেশী অভিযুক্ত আৰু তেওঁৰ সহযোগীক কৰায়ত্ত কৰাৰ দাবীত কৰিমগঞ্জ জিলাত একাংশ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক স্থানীয় ৰাইজে অভিযুক্তজনৰ লগতে তেওঁক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকজনৰ বিৰুদ্ধেও কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
ইয়াৰোপৰি, ৰহস্যজনকভাৱে এন আৰ চিৰ প্ৰথমখন তালিকাতে যুৱকজনৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷ এই ঘটনাৰ পাছতে লোকজনৰ বিৰুদ্ধে একাংশ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে যদিও লোকজন পলাই হাৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে এন আৰ চি কৰ্তৃপক্ষই তেওঁৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰে ৷
এই ঘটনাৰ পাছতে অভিযুক্ত বাংলাদেশী যুৱকজনে স্থানীয় ৰাইজক প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰে বুলি একাংশ ৰাইজে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । কিন্তু আৰক্ষীয়ে বৰ্তমানেও অভিযুক্তক আটক কৰাত ব্যৰ্থ হোৱাৰ বাবে মঙলবাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে ৷