অসম

assam

ETV Bharat / state

ক'ৰনাৰ ভয়াৱহতা পাহৰি প্ৰতিবাদত নামিল এখন গাঁৱৰ ৰাইজ

দেশ তথা ৰাজ্য জুৰি ক'ৰনাৰ ভয়াবহতা বৃদ্ধি পাইছে দিনক দিনে । কিন্তু, কৰিমগঞ্জৰ এখন গাঁৱৰ ৰাইজ মুঠেই সংকিত নহয় ক'ৰনাৰ প্ৰতি ৷ অতিমাৰীৰ আতংক পাহৰি উন্নয়নৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল গাঁৱৰ শতাধিক ৰাইজ ৷

villagers-protest-againt-panchayat
ক'ৰনাৰ ভয়াৱহতা পাহৰি প্ৰতিবাদত লিপ্ত এখন গাঁৱৰ ৰাইজ

By

Published : Apr 25, 2021, 10:37 PM IST

কৰিমগঞ্জ, 25 এপ্ৰিল : দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁও পদ্মাৰ পাৰ । সুপ্রাকান্দি পঞ্চায়তৰ অন্তৰ্গত গাঁওখনক আজি পৰ্যন্ত ঢুকি পোৱা নাই কোনো প্ৰকাৰৰ উন্নয়নে। একবিংশ শতিকাৰ এই সময়তো গাঁওবাসী বঞ্চিত হৈ আছে সকলো ফালৰ উন্নয়নৰ পৰা।

সহস্ৰাধিক লোকৰ বসতি থকা পদ্মাৰ পাৰ গাঁৱৰ ৰাইজ কেৱলমাত্ৰ ব্যৱহাৰ হৈ আহিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ ভোট বেংক হিচাপেহে । গাঁওখনত আজিকোপটি নাই যোগাযোগৰ ব্যবস্থা, নাই বিশুদ্ধ খোৱা পানী ।

ক'ৰনাৰ ভয়াৱহতা পাহৰি প্ৰতিবাদত লিপ্ত এখন গাঁৱৰ ৰাইজ

খৰালিৰ দিনতো পথত আঁঠুলৈকে পানী থকাটো যেন পদ্মাৰ পাৰ গাঁৱৰ এক সহজলভ্য দৃশ্য । পঞ্চায়তৰ ফালৰ পৰা গাঁৱৰ উন্নয়নৰ নামত চৰকাৰী ধন মোকলাই দিয়া হয় পিছে, নাম মাত্ৰ কাম হোৱাৰ পিছতেই আত্মসাৎ হৈ যায় আঁচনিৰ ধন ।

গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি খোদ পঞ্চায়তৰ সভানেত্ৰী কল্পনা ৰাণী ৰায়ৰ নেতৃত্বতেই আত্মসাৎ হয় গাঁৱলৈ অহা চৰকাৰী ধন । পুখুৰীৰ পানী খাই জীৱন অতিবাহিত কৰা গাঁৱৰ ৰাইজে অবশেষত দেওবাৰে বাচি লয় আন্দোলনৰ পথ। ৰাইজে দাবী জনাই পঞ্চায়তৰ ফালৰ পৰা উন্নয়নৰ নামত হৰলুকি হোৱা সমুদায় চৰকাৰী ধনৰ তদন্ত হ’ব লাগে ।

লগতে পঢ়ক :কৰ’ণাৰ লগতে সামগ্ৰীৰ চৰা দামে জলা-কলা খুৱাইছে ৰাইজক

ABOUT THE AUTHOR

...view details