কৰিমগঞ্জ, 7 এপ্ৰিল : জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতিত অধৈৰ্য্য হৈ কৰিমগঞ্জ জিলাৰ কেইবাখনো গাঁৱৰ ৰাইজে ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷ আধুনিক যুগতো পথাৰ সদৃশ পথ হৈছে বৃহত্তৰ এলেকাৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা ৷ সেয়ে উপায়হীন ৰাইজে এইবেলি ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷
কৰিমগঞ্জত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত - জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতি
আধুনিক যুগতো পথাৰ সদৃশ পথ হৈছে বৃহত্তৰ এলেকাৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা ৷ সেয়ে উপায়হীন হৈ কৰিমগঞ্জৰ ৰাইজে এইবেলি ল'লে ভোট বৰ্জনৰ সিদ্ধান্ত ৷
অভিযোগ অনুসৰি বছৰৰ পাচত বছৰ ধৰি বঞ্চনাৰ চিকাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝেৰঝেৰী পঞ্চায়ত এলেকাৰ কটনপুৰ, মাধবপুৰ, ৰাধামাধবপুৰ, বৈছাছৰা, ডাক্তৰগুল, বালিয়া আদি গাঁৱকে ধৰি এটা বৃহত্তৰ অঞ্চল । চৰকাৰ সলনি হ'লেও এই অঞ্চলসমুহৰ দুৰৱস্থা সলনি নহয় বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এক কথাত বিধ্বস্ত যাতায়ত ব্যৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । এজাক বৰষুণ অহাৰ পিচতে অঞ্চলটোৰ এই বিধ্বস্ত পথটোৱে কদৰ্য ৰূপ ধাৰণ কৰাৰ লগতে খৰালিৰ দিনত গাঁৱত এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে । ইপিনে আঢ়ৈ হাজাৰ জনবসতি থকা গাঁৱসমূহৰ ৰাইজক জনপ্ৰতিনিধিয়ে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ অভিযোগ ৷ কি সাংসদ,কি পঞ্চায়ত প্ৰতিনিধি সকলোৱে কেৱল প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে আজিকোপতি একো নিদিয়াৰ অভিযোগ গাঁওবাসীৰ । তদুপৰি বিগত সময়চোৱাত পৰ্যায়ক্ৰমে পথটো নিৰ্মাণৰ বাবে প্ৰায় 9 লাখ টকাৰ আঁচনি হাতত লোৱা হৈছিল যদিও প্ৰায় এশ মিটাৰ পথ পকীকৰণ হৈ ৰহস্যজনকভাৱে এয়াও বন্ধ হৈ গ'ল বুলি অভিযোগ স্থানীয় ৰাইজৰ । সেয়ে এইবেলি ক্ষোভিত গাঁওবাসীয়ে পথটো সম্পূৰ্ণ ভাৱে নিৰ্মাণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ ভোটৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।