কৰিমগঞ্জ,10 জুন : জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে প্ৰায় ডেৰ শতাধিক পৰিয়ালে বসবাস কৰা এখন গাঁৱৰ ৰাইজক । একাঁঠু বোকাৰ তলত থকা গাঁৱখনৰ একমাত্ৰ পথটোৰ বাবে উন্নয়ন স্থবিৰ হৈ পৰিছে সমগ্ৰ গাঁৱখনত । দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফাৰমপাশা পঞ্চায়তৰ অন্তৰ্গত মীৰা দিঘীৰপাৰ নামৰ এই গাঁৱখনৰ একমাত্ৰ প্ৰৱেশ পথটোৱে ৰাজ্যৰ উন্নয়নৰ ছবিখনৰ বিপৰীতে অন্য এখন ছবি দাঙি ধৰে ৷
স্বৰাজোত্তৰ কালৰ উন্নয়নৰ বিপৰীত ছবি কঢ়িওৱা এখন গাঁও
স্বাধীনতাৰ সাতটাকৈ দশক অতিক্ৰম কৰাৰ সময়তো উন্নয়নৰ পথ দেখা পোৱা নাই কৰিমগঞ্জৰ এখন গাঁৱৰ ৰাইজে ৷ গাঁৱখনৰ একমাত্ৰ পথটোও জৰাজীৰ্ণ ৰূপত থকাত প্ৰায়েই আপাতকালীন অৱস্থাত অসুবিধাৰ সমুখীন হয় ৰাইজ ৷ উপায়হীন ৰাইজে এতিয়া এটা পথ নিৰ্মাণ হৈ নুঠিলে আন্দোলনত লিপ্ত হোৱাৰ বাদে পথ নাথাকিব বুলি মন্তব্য কৰিছে ৷
স্বাধীনতাৰ সাতটাকৈ দশক অতিক্ৰম কৰাৰ পিছতো এই গাঁৱখনৰ লোকসকল বঞ্চিত হৈ আছে এটা পকী পথৰ বাবে । গাঁৱখনত আজিও এই পথেৰে আনহে নালাগে দুচকীয়া বাহন চলোৱাও অসম্ভৱ হৈয়ে আছে । এনে এটা অৱস্থাত গাঁৱৰ লোকসকলৰ স্বাস্থ্যজনিত সমস্যাত চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৰাইজ ৷ ফাৰমপাশা পঞ্চায়তৰ অধীনত থকা গাঁৱখনৰ ৰাইজে এতিয়া দাবী জনাইছে যে শীঘ্ৰে পথ নিৰ্মাণ কৰা নহ’লে আন্দোলনৰ পথ বাছি লব ৷
লগতে পঢ়ক :QS World University Ranking 2021 ৰ 41 তম স্থানত IIT guwahati