কৰিমগঞ্জ, 8 জুন: কেইবাবছৰ ধৰি ভয়াৱহ খহনীয়াই আতংকৰ সৃষ্টি কৰি আহিছে কৰিমগঞ্জৰ লোৱাইৰপোৱা অঞ্চলৰ ৰাইজৰ মাজত ৷ দীৰ্ঘদিন ধৰি লঙাই নৈৰ বাঢ়নী পানীয়ে এই আঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে যাৰ ফলত বিপদত পৰিছে নৈপৰীয়া বহু পৰিয়াল ৷ এই অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথটোও খহনীয়াৰ কবলত পৰিছে ।
লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঁঞাৰ - KARIMGANJ
যি কোনো মুহূৰ্তত লঙাই নৈৰ বুকুত যাহ যাব পাৰে 50 টা পৰিয়াল ৷

লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঞাৰ
লঙাই নৈৰ বাঢ়নী পানীয়ে নিদ্ৰা হৰিছে গঞাৰ
লগতে পঢ়ক: 10 দিন ডিটেঞ্চন কেম্পত থকাৰ পিছত আজি স্ব-গৃহলৈ সোনা উল্লাহ
কিন্তু বৰ্তমানেও খহনীয়া ৰোধৰ বাবে মন্ত্ৰী কেশৱ মহন্তৰ জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই যাৰ বাবে গৃহহীন হোৱাৰ পথত 50 টা পৰিয়াল ৷ কাৰণ যি কোনো মুহূৰ্তত লঙাই নৈৰ বুকুত যাহ যাব পাৰে এই পৰিয়াল কেইটাৰ ঘৰ ।