অসম

assam

ETV Bharat / state

পশু চিকিৎসালয়ত পশু চিকিৎসাৰ সলনি চলি আছে বিদ্যাৰ্থীৰ পাঠদান! - পশুপালন বিভাগৰ দ্বায়িত্বজ্ঞানহীনতা

কৰিমগঞ্জ জিলাত পশু চিকিৎসালয়ে ল'লে নতুন ৰূপ ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিল পশুপালন বিভাগৰ দ্বায়িত্বজ্ঞানহীনতাৰ উদাহৰণ ৷ পশুপালন বিভাগৰ পশু চিকিৎসালয়ত জীৱ জন্তুৰ চিকিৎসাৰ সলনি সেই ভৱনতেই চলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ।

veterinary hospital turns to private school at Karimganj
পশু চিকিৎসালয়ত পশু চিকিৎসাৰ সলনি চলি আছে বিদ্যাৰ্থীৰ পাঠদান!

By

Published : Jun 23, 2020, 2:23 PM IST

কৰিমগঞ্জ,23জুনঃকৰিমগঞ্জত আজৱ ঘটনা ৷ পশুপালন বিভাগৰ পশু চিকিৎসালয়ত জীৱ জন্তুৰ চিকিৎসাৰ সলনি সেই ভৱনতেই চলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় । ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে এই অদ্ভুত কাণ্ড ৷

পশু চিকিৎসালয়ত পশু চিকিৎসাৰ সলনি চলি আছে বিদ্যাৰ্থীৰ পাঠদান
কৰিমগঞ্জ জিলাত সম্প্ৰতি LSD নামৰ এবিধ বিশেষ ৰোগে জিলাখনৰ প্ৰায় প্ৰতিটো প্ৰান্তত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে । হাজাৰ হাজাৰ পোহনীয়া গৰু,মহ, ছাগলী আদি এই ৰোগত আক্ৰান্ত হৈছে। তথ্য অনুসৰি এই ৰোগত আক্ৰান্ত হৈ শতাধিক পোহনীয়া জন্তুৰ মৃত্যু হৈছে । ঠিক তেনে সময়ত পোহৰলৈ আহিছে পশুপালন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ এক উদাহৰণ । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চেৰাগী এলেকাত থকা পশুপালন বিভাগৰ পশু চিকিৎসালয়ত জীৱ-জন্তুৰ চিকিৎসাৰ সলনি সেই ভৱনতেই চলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় । বিগত কেইবাবছৰৰ পূৰ্বে সেই স্থানত আছিল পশু চিকিৎসালয়। যথা ৰীতি মতেই চলিছিল জীৱ-জন্তুৰ চিকিৎসা,আনকি চিকিৎসালয়খনত আছিল চিকিৎসা কৰ্মী । এটা সময়ত পুৰণি ভৱনটো জহি খহি যোৱাৰ ফলত বন্ধ হৈ পৰে পশু চিকিৎসালয়খন আৰু যোৱা 6/7 বছৰ পূৰ্বে পশুপালন বিভাগে একে স্থানত নতুন এখন ভৱন নিৰ্মাণ কৰে । কিন্তু নতুনকৈ নিৰ্মাণ হোৱা ভৱনত বৰ্তমান জীৱ -জন্তৰ চিকিৎসাৰ সলনি সেই ভৱনত চলিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পাঠদান । স্থানীয় ৰাইজে জনোৱা মতে এই হাস্পতালৰ অধীনত চিকিৎসক নিয়োগ হৈ আছে যদিও নতুন ভৱন নিৰ্মাণৰ পিছত এদিনৰ কাৰণেও নাহিল নিয়োজিত চিকিৎসক । হাস্পতাল এখন থকাৰ পিছতো বৰ্তমান এই মহামাৰীৰ সময়ত ৰাইজে লাভ কৰা নাই কোনোধৰণৰ সা-সুবিধা । লগতে পঢ়কঃপুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা

ABOUT THE AUTHOR

...view details