অসম

assam

ETV Bharat / state

দুৰ্গা পূজাক লৈ কঠোৰ প্ৰশাসনঃ অসন্তুষ্ট কৰিমগঞ্জ বিজেপি - ক‘ৰণা মহামাৰীক কেন্দ্ৰকৰি

এইবাৰৰ শাৰদীয় দুৰ্গা পুজাত মাইক, নাচ-গানৰ লগতে জাকজমকতাৰে পেণ্ডেল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থাকিব বাৰণ ৷ প্ৰশাসনৰ নিদেশনাৰ পিছতেই বৰাকৰ তিনিওখন জিলাতে একাংশৰ মাজত দেখা দিছে অসন্তুষ্টিয়ে ৷

unnecessary covid rule order by the cachar dc
দুৰ্গা পূজাক লৈ কঠোৰ প্ৰশাসনঃ অসন্তুষ্ট কৰিমগঞ্জ বিজেপি

By

Published : Oct 4, 2020, 10:30 AM IST

কৰিমগঞ্জ,4 অক্টোবৰঃ বৰাকৰ তিনিখন জিলাত ক‘ৰণা মহামাৰীক কেন্দ্ৰকৰি আগন্তুক দুৰ্গা পুজাৰ উপলক্ষে জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷

নিৰ্দেশনা অনুসৰি এইবাৰৰ শাৰদীয় দুৰ্গা পুজাত মাইক, নাচ-গানৰ লগতে জাক জমকতাৰে পেণ্ডেল নিৰ্মাণ কৰাৰ ক্ষেত্ৰত থাকিব বাৰণ ৷ প্ৰশাসনৰ নিদেশনাৰ পিছতেই উপত্যকাটোৰ তিনিওখন জিলাতে একাংশৰ মাজত দেখা দিছে অসন্তুষ্টিয়ে ৷

শনিবাৰে এক সংবাদমেল যোগে কৰিমগঞ্জ জিলাৰ বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্য্যই নিৰ্দেশনাটোক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমালোচনা কৰিলে প্ৰশাসনক ৷ জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কৰিমগঞ্জৰ জিলা উপায়ুক্ত আম্বামুথান এমক সকিয়নী প্ৰদান কৰি ক’লে, বিগত বছৰ দৰে এইবাৰো দুৰ্গা পজা উদযাপন কৰিব কৰিমগঞ্জৰ ৰাইজে ৷ এনে ক্ষেত্ৰত পুজা আয়োজনক লৈ প্ৰশাসনৰ নীতি নিৰ্দেশনাক বিৰোধীতা কৰিলে জিলা বিজেপিৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে

ABOUT THE AUTHOR

...view details