কৰিমগঞ্জ, ১৫ ফেব্ৰুৱাৰীঃ শ্ৰমিকৰ খাদ্য যোগানক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ আৱৰ্ত ভৱনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত "চাহ-বাগিচা ধন পুৰষ্কাৰ প্ৰকল্প,২০১৯" ত অংশগ্ৰহণ কৰিবলৈ শ্ৰমিকসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য়ে ১৫৭ জন চাহ শ্ৰমিকক কৰিমগঞ্জ আৱৰ্ত ভৱনত একগোট কৰাইছিল কৰিমগঞ্জ জিলা প্ৰশাসনে। শ
কৰিমগঞ্জৰ আৱৰ্ত ভৱনত খাদ্য যোগানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - KARIMGANJ GUEST HOUSE
প্ৰকল্পৰ দায়িত্বত থকা বিষয়াৰ প্ৰতি শ্ৰমিকৰ অভিযোগ
কৰিমগঞ্জৰ আৱৰ্ত ভৱনত খাদ্য যোগানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ক্ষুদ্ধ শ্ৰমিক সকলে মুখ্যমন্ত্ৰী উপস্থিত থাকিব লগীয়া অনুষ্ঠানটোত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ ঘৰলৈ উভতি যাব বিছাৰে। পৰিস্থিতি বিষম দেখি উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক সকলক বুজাই আৰু উন্নতমানৰ খাদ্যৰ যোগান ধৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
উল্লেখ্য যে এই প্ৰকল্পৰ দায়িত্বত নোডেল অফিছাৰ হিছাপে নিযুক্ত হৈ আছিল ধ্ৰু বজ্যেতি দেৱ। তেওঁৰ গাফিলতিৰ বাবেই এনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হবলগীয়া হ'ল বুলি অভিযোগ উত্থাপিত হৈছে।