অসম

assam

ETV Bharat / state

কৰিমগঞ্জত দুগৰাকীকৈ বিশিষ্ট ব্যক্তিৰ দেহাৱসান - Malikar Rahman Choudhury deth

কৰিমগঞ্জত বিশিষ্ট আইনজীৱি তথা কৰিমগঞ্জৰ প্ৰাক্তন বিচাৰক মালিকৰ ৰহমান চৌধুৰী দেহাৱসান ৷ সমান্তৰালকৈ, কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় বিশিষ্ট সমাজসেৱী মাহমুদ হোসেন চৌধুৰীৰ ৷

two renowned person death at Karimganj
কৰিগঞ্জত দুগৰাকীকৈ বিশিষ্ট ব্যক্তিৰ দেহাৱসান

By

Published : Aug 30, 2020, 11:52 AM IST

কৰিমগঞ্জ, 30 আগষ্টঃ শনিবাৰে কৰিমগঞ্জত দুজনকৈ বিশিষ্ট ব্যক্তিৰ মৃত্যু হয় ৷ শনিবাৰে বিয়লি তিনি বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট আইনজীৱি তথা কৰিমগঞ্জৰ প্ৰাক্তন বিচাৰক মালিকৰ ৰহমান চৌধুৰী ৷ দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল প্ৰাক্তন বিচাৰকগৰাকী ৷

কৰিমগঞ্জৰ প্ৰাক্তন বিচাৰক মালিকৰ ৰহমান চৌধুৰী দেহাৱসান

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 80 বছৰ ৷ উল্লেখ্য যে, তেখেতে অসমৰ বিভিন্ন জিলাত বিচাৰকৰ দায়িত্ব পালন কৰিছিল ৷

বিশিষ্ট সমাজসেৱী মাহমুদ হোসেন চৌধুৰীৰ দেহাৱসান

সমান্তৰালকৈ, শনিবাৰে কৰ’ণাত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট সমাজসেৱী মাহমুদ হোসেন চৌধুৰীৰ ৷ বিগত 23 আগষ্টত তেখেতৰ দেহত কোভিড 19ৰ উপস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পিছতেই জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল মাহমুদ হোসেন চৌধুৰীৰক ৷ এই দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ দেহাৱসানে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক-ৰঙিয়াৰ এখন বিশেষ দলঙেৰে পাৰ হ’লে ৰাইজে দিবলগীয়া হয় ভাড়া

ABOUT THE AUTHOR

...view details