অসম

assam

কৰিমগঞ্জত প্ৰতিবেশীৰ দাৰ ঘাপত আহত 2 যুৱক

By

Published : Nov 5, 2020, 11:57 AM IST

ঘটনা সন্দৰ্ভত তিনি অভিযুক্তৰ বিৰুদ্ধে বদৰপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Two injured by neighbour knief attack at Karimganj
কৰিমগঞ্জত প্ৰতিবেশীৰ দাৰ ঘাপত আহত 2 যুৱক

কৰিমগঞ্জ, 5 নৱেম্বৰ: কৰিমগঞ্জৰ ভাংগাৰ নয়াপাতন গাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ পথ নিৰ্মাণত বাধা প্ৰদান কৰাৰ বাবে শিল্পী মালাকাৰ নামৰ এজন ব্যক্তিৰ লগতে তেওঁৰ ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা প্ৰতিবেশীৰ ৷ ঘটনা সন্দৰ্ভত তিনি অভিযুক্তৰ বিৰুদ্ধে বদৰপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি,শিল্পী মালাকাৰ নামৰ ব্যক্তিজনৰ বাসৃহৰ চৌহদেৰে অনাধিকাৰ পথ নিৰ্মাণ কৰাৰ চেষ্টা চলাইছিল প্ৰতিবেশী ৰাহুল আমিন নামৰ এজন যুৱকে ৷ উক্ত ঘটনা প্ৰত্যক্ষ কৰি পথ নিৰ্মাণত বাধা প্ৰদান কৰিছিল শিল্পী মালাকাৰে ৷ ইয়াকে লৈ দুয়োজনৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ ৷ পৰৱৰ্তী সময়ত উক্ত কাজিয়াক কেন্দ্ৰ কৰি শিল্পী মালাকাৰ আৰু তেওঁৰ ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰে ৰাহুল আমিন আৰু তেওঁৰ দুই বন্ধুৱে ৷ ঘটনাস্থলীৰ পৰা কথমপি প্ৰাণ বচাই পলায়ন কৰে শিল্পী মালাকাৰ আৰু তেওঁৰ ভাতৃয়ে ৷

লগতে পঢ়কঃজোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

ABOUT THE AUTHOR

...view details