অসম

assam

ETV Bharat / state

কৰিমগঞ্জত আটক দুজন নাইজেৰিয়ান নাগৰিক

কৰিমগঞ্জত আৰক্ষীৰ নিয়মীয়া তালাচিত আটক হয় দুজন নাইজেৰিয়ান নাগৰিক৷ আটকাধিন নাগৰিক দুজনৰ নাম চিনেডু ন'ন্স' আৰু কানু কিংগলসে৷

By

Published : Mar 15, 2020, 8:11 PM IST

NIGERIAN CITIZEN NABBED AT ASSAM TRIPURA BORDER
কৰিমগঞ্জত আটক দুজন নাইজেৰিয়ান নাগৰিক

কৰিমগঞ্জ,15মাৰ্চ:কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চিৰাইবাড়িত আটক অবৈধ ভাৱে প্ৰৱেশ কৰা দুগৰাকী নাইজেৰিয়ান নাগৰিক৷ অসম আৰক্ষীৰ নিয়মীয়া তালাচিত আটক কৰা হয় নাগৰিক দুজনক৷ আটকাধিন নাগৰিক দুজনৰ নাম চিনেডু ন'ন্স' আৰু কানু কিংগলসে৷ লোকদুজনৰ লগত নাছিল কোনো বৈধ নথি-পত্ৰ৷ ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা স্বপ্না ট্ৰেভিলছ নামৰ এখন বাছৰ পৰা আটক কৰা হয় লোক দুজনক৷

কৰিমগঞ্জত আটক দুজন নাইজেৰিয়ান নাগৰিক

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অসম-ত্ৰিপুৰা সীমান্তত আটক কৰা হৈছিল নাইজেৰিয়ান নাগৰিকক৷ ইয়াৰোপৰিও,কৰ'ণা ভাইৰাচৰ প্ৰাদুৰ্ভাৱৰ সময়ত ত্ৰিপুৰা সীমান্তৰে এনেদৰে অবৈধ বিদেশী নাগৰিকৰৰ প্ৰৱেশত আতংকৰ সৃষ্টি হয় কৰিমগঞ্জত৷ আৰক্ষীয়ে বৰ্তমান আটকাধীন দুয়োজন নাগৰিককে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷

কৰিমগঞ্জত আটক দুজন নাইজেৰিয়ান নাগৰিক

অন্য এক খবৰৰ বাবে: হোজাইত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details