কৰিমগঞ্জ, 15 নৱেম্বৰ :দীপাৱলী উপলক্ষে সকলোৱে পোহৰ উদযাপন কৰাৰ মাজতে কৰিমগঞ্জত সংঘটিত এক ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ 6 জনকৈ লোকৰ কামনাৰ বলি হ'ল মাতৃক চিকিৎসালয়ত দেখা কৰিবলৈ আহি ঘৰলৈ বুলি উভতা দুগৰাকী ছোৱালী ৷ কৰিমগঞ্জ জিলাৰ নিলামবজাৰত সংঘটিত হৈছে এই দলৱদ্ধ ধৰ্ষণ কাণ্ড ৷
প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি হৈ থকা নিজ মাতৃৰ চিকিৎসাৰ বুজ লবলৈ আহি নিশাৰ ভাগত এখন গাড়ী ভাড়া কৰি ঘৰলৈ বুলি উভতাৰ পথতে যুৱতী দুগৰাকী দলৱদ্ধ ধৰ্ষণৰ চিকাৰ হয় ৷ অভিযোগ অনুসৰি ভুক্তভোগী যুৱতী দুগৰাকী ঘৰলৈ বুলি উভতা গাড়ীখনৰ চালকজনে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে মাজবাটতে ভুল বাটেৰে নি নিশা প্ৰায় 1 বজাত নিলামবজাৰৰ এটা নিৰ্মিয়মান ঘৰত আনি বন্দী কৰি অন্য 5 জনৰ সৈতে মিলি এই কাণ্ড সংঘটিত কৰে ৷