অসম

assam

ETV Bharat / state

বদৰপুৰত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী - two drugs smuggler arrested at Badarpur

ভাঙ্গাৰ পৰা আমছু সদস্যই অভিযান চলাই আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী ৷

বদৰপুৰত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By

Published : Nov 14, 2019, 11:46 PM IST

বদৰপুৰ,14 নৱেম্বৰ: ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ দিনক দিনে বৃদ্ধি পাইছে বৰবিহ স্বৰূপ মৰাত্মক ড্ৰাগছৰ প্ৰকোপ ৷ ৰাজ্যত এতিয়া প্ৰতিটো দিনেই অবৈধ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে এজনৰ পাছত আনজন নৱ প্ৰজন্মৰ যুৱক ৷ গুৱাহাটী মহানগৰীৰ লগতে উজনিৰ গোলাঘাট জিলা তথা নগাঁৱৰ সমান্তৰাল ভাৱে বৰাকতো অবৈধ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই সক্ৰিয় ভাৱে চলাই আহিছে নিজৰ এই অবৈধ ব্যৱসায় ৷ তাৰ ফলস্বৰূপেই কৰিমগঞ্জ জিলাৰ বদৰপুৰত পুনৰ আৰক্ষীৰ জালত পৰি ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ ঘটনা অনুসৰি চহৰখনৰ ভংঙ্গাৰ মাচলা গাঁৱৰ পৰা ড্ৰাগছসহ আমছু সদস্যই খেদি খেদি আটক কৰে ওৱাইদুৰ ইছলাম আৰু ছৱিৰ আহমদ নামৰ দুই যুৱকক ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ধৃত দুই যুৱকে বদৰপুৰ চহৰত অবৈধ ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল ৷ ইফালে হাতে লোটে আটক কৰাৰ পাছতে আমছুৰ সদস্যসকলে দুই ড্ৰাগছ সৰবৰাহকাৰী ওৱাইদুৰ ইছলাম আৰু ছৱিৰ আহমদক বদৰপুৰ আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

বদৰপুৰত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details