অসম

assam

By

Published : Oct 1, 2020, 2:25 PM IST

ETV Bharat / state

দুগৰাকী ঠিকাদাৰক একেটা পথ নিৰ্মাণৰ দায়িত্ব

কৰিমগঞ্জত গড়কাপ্তানি বিভাগৰ আজৱ কাণ্ড ৷ একেটা পথ নিৰ্মাণৰ দায়িত্ব দিলে দুজনকৈ ঠিকাদাৰক । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ স্থানীয় ৰাইজ ৷

two contractors are responsible for making same road in karimganj assam etv bharat news
গড়কাপ্তানি বিভাগৰ আজৱ কাণ্ড

কৰিমগঞ্জ, 1 অক্টোবৰ:কৰিমগঞ্জত গড়কাপ্তানি বিভাগৰ আজৱ কাণ্ড ৷দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফতেহপুৰ বজাৰ সংলগ্ন খাগাইল গড়কাপ্তানি পথত এখন দলঙৰ ওপৰত থকা প্ৰৱেশ পথ নিৰ্মাণৰ বাবে দায়িত্ব দিলে দুগৰাকীকৈ ঠিকাদাৰক ৷ উল্লেখ্য যে, অঞ্চলটোত দলং নিৰ্মাণৰ প্ৰায় পাঁচ বছৰ পিছত প্ৰৱেশ পথ নিৰ্মাণৰ বাবে মুকলি কৰি দিয়া হৈছিল প্ৰায় দহ লাখ টকা ৷

দুগৰাকী ঠিকাদাৰক একেটা পথ নিৰ্মাণৰ দায়িত্ব

সেয়ে এই নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ উদ্দেশ্যে উক্ত স্থানত উপস্থিত হৈছিল ঠিকাদাৰ দুগৰাকী ৷ পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা সম্পৰ্কে পোহৰলৈ অহাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ বিভাগীয় কৰ্তৃপক্ষই এই পৰিস্থিতিৰ খবৰ লাভ কৰি আদবাটৰ পৰা উভতি যায় ৷ গড়কাপ্তানি বিভাগৰ এনে কাণ্ডৰ ফলত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

স্থানীয় লোকৰ মন্তব্য

লগতে চাওকঃযাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ

ABOUT THE AUTHOR

...view details