হাইলাকান্দি,31 ডিচেম্বৰ: দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাৰ বিভিন্ন স্থানত চলি আহিছে কয়লাৰ অবৈধ ব্যৱসায় ৷ এই অভিযোগ উত্থাপন কৰিছে বৰাকৰ স্থানীয় বিভিন্ন দল-সংগঠনে ৷ শেহতীয়াকৈ উপত্যকাটোৰ হাইলাকান্দি জিলাত কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় দল-সংগঠনে ৷ সংগঠনসমূহৰ অভিযোগ অনুসৰি এই অবৈধ ব্যৱসায়ত কয়লা ব্যৱসায়ী আৰু মাফিয়াসকলৰ সৈতে বুজাবুজিৰে চলি আছে স্থানীয় আৰক্ষী-প্ৰশাসন ৷ পূৰ্বে উক্ত সংগঠনসমূহে আৰক্ষীক বহুবাৰ এই বিষয়ে অভিযোগ দাখিল কৰিছিল যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ফলত বিনা শংকাৰে জিলাখনত চলি আছে ক’লা হীৰাৰ অবৈধ ব্যৱসায় ৷
হাইলাকান্দিত জব্দ অবৈধ কয়লা ভৰ্তি ট্ৰাক - লালা বজাৰ আৰক্ষী
হাইলাকান্দিত কয়লাৰ ক’লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপন ৷ আৰক্ষীৰ সৈতে অবৈধ কয়লা ব্যৱসায়ীৰ বুজাবুজিৰ অভিযোগ স্থানীয় দল-সংগঠনৰ ৷
দৈনিক জিলাখনৰ মাজেৰে পাৰ হৈ বহিঃৰাজ্যলৈ যায় কয়লা ভৰ্তি শতাধিক ট্ৰাক ৷ বৃহস্পতিবাৰে জিলাখনৰ স্থানীয় লালা বজাৰ আৰক্ষীয়ে এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে অতিৰিক্ত ভাৰবাহী কয়লা ভৰ্তি চাৰিখনকৈ ট্ৰাক ৷ জব্দ কৃত ট্ৰাকসমূহৰ নাছিল কোনো বৈধ নথিপত্ৰৰ লগতে উপযুক্ত চালান ৷ বিভিন্ন সময়ত চৰকাৰী নীতি-নিয়ম উলংঘা কৰি কৰ ফাঁকি দি বুজন পৰিমাণৰ কয়লা এইদৰে সৰবৰাহ কৰি আহিছে কয়লা মাফিয়াসকলে ৷ আৰক্ষীয়ে আটক কৰা কয়লা ভৰ্তি ট্ৰাক কেইখন অৱশেষত মটৰ পৰিবহণ বিভাগৰ হাতত গতাই দিয়ে ৷
লগতে চাওকঃসোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ