অসম

assam

অসম-ত্ৰিপুৰা সীমান্তত জব্দ 360 কেজি গাঞ্জা

By

Published : Jul 15, 2021, 5:52 PM IST

অসম ত্ৰিপুৰা সীমান্তত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ আগৰতলাৰ পৰা কৰিমগঞ্জৰ বদৰপুৰত অভিমুখে গাঞ্জাখিনি লৈ অনা হৈছিল বুলি সদৰি কৰিছে ত্ৰিপুৰাৰ চূড়াইবাৰী আৰক্ষীয়ে ৷ গাঞ্জাখিনি লগতে আৰক্ষীয়ে আটক কৰে এজন ব্যক্তিকো ৷

tripura suraibari police seized ganja seized
অসম ত্ৰিপুৰা সীমান্তত জব্দ 360 কেজি গাঞ্জা

কৰিমগঞ্জ, 15 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনেই উৎখাত কৰা হৈছে ড্ৰাগছৰ ঘাটি তথা জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ৷ বুধবাৰে নিশা অসম ত্ৰিপুৰা সীমান্তত জব্দ কৰা হৈছে বুজন পৰিমাণৰ গাঞ্জা ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আগৰতলাৰ পৰা কৰিমগঞ্জৰ বদৰপুৰ অভিমুখে লৈ অনা হৈছিল গাঞ্জাখিনি ৷ পৰৱৰ্তী সময়ত এক গোপন সূত্ৰৰ পৰা আৰক্ষীয়ে লাভ কৰে এই সৰবৰাহ তথ্য ৷ ফলত আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হয় উক্ত গাঞ্জাখিনি ৷

অসম ত্ৰিপুৰা সীমান্তত জব্দ 360 কেজি গাঞ্জা

জানিব পৰা মতে, আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা প্ৰায় 360 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

অসম প্ৰৱেশৰ প্ৰাক মূহুৰ্তত ত্ৰিপুৰাৰ চূড়াইবাৰী আৰক্ষীৰ সহযোগত উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তী নেতৃত্বত আটক কৰা হয় গাঞ্জাখিনি । ইফালে আৰক্ষীয়ে আটক কৰে ট্ৰাকৰ চালক গৰাকীকো ৷ জানিব পৰা মতে, ট্ৰাক চালক গৰাকীৰ নাম উৎপল দাস ।

প্ৰাপ্ত তথ্য অনুসৰি, জব্দ হোৱা গাঞ্জাখিনিৰ ক’লা বজাৰত বজাৰ মূল্য প্ৰায় 36 লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে । জব্দ হোৱা ট্ৰাকখনত এটা গোপন কোঠা তৈয়াৰ কৰি সৰবৰাহৰ উদ্দেশ্য লৈ অনা হৈছিল গাঞ্জাখিনি ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক:লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

ABOUT THE AUTHOR

...view details