অসম

assam

By

Published : Jul 7, 2019, 9:18 PM IST

ETV Bharat / state

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা : বিজেপি কৰ্মীক আক্ৰমণ !

দেওবাৰে দুপৰীয়া ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰ এলেকালৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল বিজেপিৰ এটা দল । প্ৰচাৰ চলোৱাৰ সময়তে এদল চি পি এমৰ সমৰ্থকে দা-লাঠিৰে আক্ৰমণ চলাই বিজেপি কৰ্মীসকলৰ ওপৰত ৷ বৰ্তমান ধৰ্মনগৰ এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা

কৰিমগঞ্জ, জুলাই 6 : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ ক্ষণত নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা ৷ চি পি এমৰ সমৰ্থকৰ আক্ৰমণৰ বলি হ'ল বিজেপি কৰ্মী ৷ উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে দুপৰীয়া ধৰ্মনগৰৰ পশ্চিম চন্দ্ৰপুৰ এলেকালৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল বিজেপিৰ এটা দল । কিন্তু প্ৰচাৰ চলোৱাৰ সময়তে এদল চি পি এমৰ সমৰ্থকে দা-লাঠিৰে আক্ৰমণ চলাই বিজেপি কৰ্মীসকলৰ ওপৰত ৷ ফলত আহত হয় কেইবাজনো বিজেপি কৰ্মী ৷ ইয়াৰোপৰি চি পি এমৰ সমৰ্থকে পেট্ৰ'ল ঢালি জ্বলাই দিয়ে চাৰিচকীয়া বাহন আৰু 15 খনকৈ বাইক ৷

ত্ৰিপুৰাত নিৰ্বাচনী হিংসা : বিজেপি কৰ্মীক আক্ৰমণ !

এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান লগত লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ ত্ৰিপুৰা বিধানসভাৰ উপাধক্ষ্য তথা ধৰ্মনগৰ সমষ্টিৰ বিজেপিৰ বিধায়ক বিশ্ববন্ধু সেনগুপ্ত । কিন্তু আৰক্ষী উপস্থিত হোৱাৰ আগতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চি পি এমৰ সমৰ্থক ৷ আনহাতে, এই ঘটনাত আহত বিজেপি কৰ্মীসকলক ভৰ্তি কৰোৱা হয় ধৰ্মনগৰ চৰকাৰী চিকিৎসালয়ত । পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ত্ৰিপুৰাত । বৰ্তমান ধৰ্মনগৰ এলেকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।

ABOUT THE AUTHOR

...view details