অসম

assam

ETV Bharat / state

ত্ৰিপুৰাৰ যুৱতীয়ে লাভ কৰিলে জাৰ্মান চৰকাৰৰ ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা

জাৰ্মান চৰকাৰৰ তৰফৰ পৰা ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ পাৰমিতা ঘোষ নামৰ এগৰাকী যুৱতীয়ে ৷ বৰ্তমান হায়দৰাবাদৰ কন্টেভা এগ্ৰি চাইঞ্চত ৰিমোট ছেনচিং ডাটা চাইন্টিষ্ট হিচাপে কৰ্মৰত হোৱাৰ উপৰিও জাৰ্মান চৰকাৰৰ ছেকচন DAAD (Duetscher Academischer Austausch Dienst) ৰ ইয়ং এম্বেছেডৰ হিচাপে নিয়োজিত পাৰমিতা ৷

By

Published : Dec 1, 2020, 2:57 PM IST

AS_KMJ_TRIPURA_GIRL_GOT_GREEN_TALENT_AWARD_10036
ত্ৰিপুৰাৰ যুৱতীয়ে লাভ কৰিলে জাৰ্মান চৰকাৰৰ ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা

কৰিমগঞ্জ,1 ডিচেম্বৰঃসুদূৰ জাৰ্মানীত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এগৰাকী যুৱতীয়ে । কৃষি বিজ্ঞানৰ গৱেষণাত নতুন দিগন্ত উন্মোচনৰ বাবে জাৰ্মান চৰকাৰৰ তৰফৰ পৰা ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰাৰ পাৰমিতা ঘোষে । ত্ৰিপুৰাৰ তেলিয়ামুৰা চহৰৰ ব্যবসায়ী পাৰ্থ ঘোষ আৰু ৰিংকু ঘোষৰ একমাত্ৰ কন্যা পাৰমিতা বৰ্তমান হায়দৰাবাদৰ কন্টেভা এগ্ৰি চাইঞ্চত ৰিমোট ছেনচিং ডাটা চাইন্টিষ্ট হিচাপে কৰ্মৰত হোৱাৰ উপৰিও জাৰ্মান চৰকাৰৰ ছেকচন DAAD (Duetscher Academischer Austausch Dienst) ৰ ইয়ং এম্বেছেডৰ হিচাপে নিয়োজিত । কৃষি বিজ্ঞানত পাৰমিতাৰ গৱেষণাৰ বিষয়বস্তু আছিল ‘Developing Agriculture Applications From Sattellite Images Using Data Scaience Technology’ ৷

ত্ৰিপুৰাৰ যুৱতীয়ে লাভ কৰিলে জাৰ্মান চৰকাৰৰ ‘গ্ৰীণ টেলেণ্ট 2020’ বঁটা

কৃষি আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত গৱেষণাৰ বাবে জাৰ্মান চৰকাৰে প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ 25 গৰাকী গৱেষকক ‘গ্ৰীণ টেলেন্ট বঁটা’ প্ৰদান কৰে । চলিত বৰ্ষত বিশ্বৰ 47 খন দেশৰ 589 গৰাকী গৱেষকে এই প্ৰতিযোগিতাত ভাগ লৈছিল । জাৰ্মান চৰকাৰৰ এক উচ্চ স্তৰীয় কমিটিৰ বিচাৰকৰ দলৰ বিচাৰৰ অন্তত এইবাৰ ‘গ্ৰীণ টেলেন্ট বঁটা’ লাভ কৰে বিশ্বৰ 22 খন দেশৰ 25 গৰাকী বিজ্ঞানীয়ে । এইবেলি ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে জাৰ্মান চৰকাৰৰ এই বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । পাৰমিতাৰ লগতে বঁটা লাভ কৰা আনগৰাকী ভাৰতীয় বিজ্ঞানী হৈছে বাৰাণসীৰ নিধি সিং । পাৰমিতা ঘোষে 2017 চনত ছিকিম কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং ত স্নাতক ডিগ্ৰী লাভ কৰে । আৰু 2019 চনত আই আই টি মুম্বাইৰ পৰা M-TECH ডিগ্ৰী লাভ কৰে ।

লগতে পঢ়ক-বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ABOUT THE AUTHOR

...view details